দিল্লী, 24 জুলাই : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত আৰু ক’ভিড 19ত আক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে ৰে’ড ক্ৰছ সাহাৰ্য সামগ্ৰী মুকলি কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা ৰেড ক্ৰছ ছ'চাইটিৰ অধ্যক্ষ ডা৹ হৰ্ষবদ্ধনো অনুষ্ঠানত উপস্থিত থাকে ৷
চলিত বানত অসমত 93 জন লোকৰ মৃত্যু হোৱাৰ লগতে মুঠ 30 খন জিলাৰ 127 টা ৰাজহ চক্ৰৰ 56,64,499 বানত প্ৰভাৱাম্বিত হৈছে ৷ যোৰহাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত বৰ্তমানো ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেদি বৈছে ৷ বিহাৰতো বানত 10 খন জিলাৰ প্ৰায় 7.65 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷
-
President Kovind flagged off nine trucks of relief supplies from Rashtrapati Bhavan for the people of Assam, Bihar and Uttar Pradesh affected by recent floods and COVID-19 pandemic. Health Minister @DrHarshVardhan and officials of @IndianRedCross were also present on the occasion pic.twitter.com/kJPyKdVdVV
— President of India (@rashtrapatibhvn) July 24, 2020 " class="align-text-top noRightClick twitterSection" data="
">President Kovind flagged off nine trucks of relief supplies from Rashtrapati Bhavan for the people of Assam, Bihar and Uttar Pradesh affected by recent floods and COVID-19 pandemic. Health Minister @DrHarshVardhan and officials of @IndianRedCross were also present on the occasion pic.twitter.com/kJPyKdVdVV
— President of India (@rashtrapatibhvn) July 24, 2020President Kovind flagged off nine trucks of relief supplies from Rashtrapati Bhavan for the people of Assam, Bihar and Uttar Pradesh affected by recent floods and COVID-19 pandemic. Health Minister @DrHarshVardhan and officials of @IndianRedCross were also present on the occasion pic.twitter.com/kJPyKdVdVV
— President of India (@rashtrapatibhvn) July 24, 2020
বানৰ সমান্তৰালভাবে দেশত অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ অসমত বৰ্তমানলৈ 28,792 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 70 জন লোকৰ ৷ একেদৰে উত্তৰ প্ৰদেশত 58,104 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 1,298 গৰাকী লোক ৷ বিহাৰত 31,691 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 212 গৰাকী লোকৰ ৷
লগতে পঢ়ক : বিশ্বত 1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা