ETV Bharat / bharat

অলিম্পিক প্ৰস্তুতি কমিটিৰে বৈঠকত বহিব ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ - ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব এই বৈঠক

ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত হ'ব ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটিৰ । ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব এই বৈঠক ।

ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটি
ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটি সৈতে বৈঠকত বহিব National Sports Federations
author img

By

Published : Apr 19, 2020, 11:30 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ আগন্তুক ২২ এপ্ৰিলত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত হ'ব ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটিৰ । মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটময় পৰিৱেশত ভৱিষ্যতে কি পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত আলোচনা কৰা হ'ব বৈঠকত ।

ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটি
ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটি সৈতে বৈঠকত বহিব National Sports Federations

বৈঠকত উপস্থিত থাকিব ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নৰিন্দৰ বাট্ৰা আৰু সাধাৰণ সম্পাদক ৰাজীৱ মেহতা ৷

অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবে বাচনি হোৱা খেলুৱৈসকলৰ সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চযোগে অনুষ্ঠিত কৰা হ'ব বৈঠক । আনহাতে, বৈঠকৰ অন্তত ভাৰতীয় অলিম্পিক প্ৰস্তুতি কমিটিৰ অধ্যক্ষ ললিত ভানোট, সভাপতি নৰিন্দৰ বাট্ৰা আৰু সাধাৰণ সম্পাদক ৰাজীৱ মেহতাসহ অন্যান্য বিষববীয়াই অলিম্পিকৰ অন্যান্য বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব ।

উল্লেখ্য যে, ইতিমধ্যে মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে টকিঅ' অলিম্পিক, ২০২০ স্থগিত ৰখা হৈছে । চলিত বৰ্ষৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'বলগা অলিম্পিক আগন্তুক বৰ্ষ তথা ২০২১ চনৰ ২৪ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও এই সম্পৰ্কত বৰ্তমানেও অনিশ্চয়তাৰ সৃষ্টি হৈ আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.