নিউজ ডেস্ক, 1 এপ্ৰিলঃ এগৰাকী আঠ মহীয়া গৰ্ভাৱতী মহিলাই গিৰিয়েকৰ সৈতে ২০০ কিল'মিটাৰ পথ খোজকাঢ়ি উপস্থিত হয় নিজ গৃহত । এই ঘটনা উত্তৰ প্ৰদেশৰ নয়দাৰ । স্বামী-স্ত্ৰী দুয়ো বিগত পাঁচবছৰ ধৰি নয়দাৰ এটি নিৰ্মান প্ৰতিস্থানৰ শ্ৰমিক । লক ডাউনৰ সময়চোৱাত কাম বন্ধ থকাৰ বাবে দুয় নিজ গৃহলৈ উভতি আহে । কিন্তু পৰিবহণৰ বাবে কোনো ব্যৱস্থা নোহোৱাত দুয়ো পদব্ৰজে আহি নয়দাৰ পৰা জালাউন জিলাৰ আউন্তা গাঁৱৰ ৰথ এলেকাত থকা নিজ ঘৰত উপস্থিত হয় ।
২৫ বছৰীয়া অঞ্জু দেৱী আৰু গিৰিয়েক অশোক(২৮)ক এই পথচোৱা অতিক্ৰম কৰিবলৈ দুদিন আৰু দুৰাতি সময়ৰ প্ৰয়জন হয় । গাঁৱত উপস্থিত হৈ দুয়ো চিকিৎসকৰ কাষ চাপি স্বাস্থ্য পৰীক্ষা কৰায় । চিকিৎসকে দুয়োৰে সাস্থৰ অৱস্থা সুস্থিৰ বুলি ঘোষণা কৰি ১৪ দিনলৈ ঘৰতে আবদ্ধ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ।
দুয়োয়ে কৰ্মৰত প্ৰতিস্থানৰ পৰা নিজৰ মজুৰি পাৱলগীয়া থকা কাৰণে লক ডাউনৰ পূৰ্বে ঘৰলৈ উভতিব পৰা নাছিল । উভতাৰ সময়ত তেওঁলোকে প্ৰথমে খাদ্য লৈ আহিছিল যদিও সেয়া শেষ হয় । তাৰ পিচত পথচোৱাত কোনো লোকে দুয়োকে খাদ্য যাচে বুলি প্ৰকাশ কৰি মহিলা গৰাকীৰ স্বামী অশোকে ।