ETV Bharat / bharat

নয়ডাত এম্বুলেঞ্চতে মৃত্যু গৰ্ভৱতী মহিলাৰ - নয়ডাত এম্বুলেঞ্চত মৃত্যু গৰ্ভৱতী মহিলাৰ

নয়ডাত এম্বুলেঞ্চতে মৃত্যু এগৰাকী গৰ্ভৱতী মহিলাৰ । গাজিয়াবাদৰ মহিলা গৰাকীক শুকুৰবাৰে উহাশ লোৱাত সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই নয়ডালৈ চিকিৎসাৰ বাবে লৈ অহা হৈছিল । কিন্তু চিকিৎসালয়সমূহে মহিলা গৰাকী COVID-19ত আক্ৰান্ত হোৱাৰ শংকাতে ভৰ্তি নকৰোৱাৰ অভিযোগ উত্থাপন হৈছে । ফলত চিকিৎসাৰ অভাৱতে মৃত্যু হয় মহিলা গৰাকীৰ । ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জিলা প্ৰসাশনৰ ।

নয়ডা
http://10.10.50.70//delhi/06-June-2020/del-gbn-01-mahilakimout-vis-dl10007_06062020112745_0606f_1591423065_603.jpg
author img

By

Published : Jun 7, 2020, 10:37 AM IST

নিউজ ডেস্ক,৭ জুনঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ খোড়া গাঁৱত শনিবাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু সন্দৰ্ভত জিলা প্ৰশাসনে তদন্তৰ ঘোষণা কৰে । গৰ্ভৱতী মহিলা গৰাকীক নয়ডাত চিকিৎসাৰ বাবে লৈ যায় যদিও কোনো হাস্পতালতে মহিলা গৰাকীৰ চিকিৎসা নকৰাত এম্বুলেঞ্চতে মহিলা গৰাকীৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

উল্লেখ্য যে, শুকুৰবাৰে গৰ্ভৱতী মহিলা গৰাকীক হঠাৎ উশাহ লোৱাৰ সমস্যাত ভোগা বাবেই চিকিৎসাৰ বাবে এম্বুলেঞ্চৰ জৰিয়তে নয়ডালৈ লৈ যায় পৰিয়ালৰ লোকে । কিন্তু চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহে মহিলা গৰাকীক চিকিৎসা কৰিবলৈ অমান্তি হয় ।

নয়ডা
নয়ডাত এম্বুলেঞ্চত মৃত্যু গৰ্ভৱতী মহিলাৰ

পৰিয়ালৰ ভাষ্য অনুসৰি, শুকুৰবাৰে পুৱা মহিলা গৰাকীয়ে উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল । ফলত মহিলা গৰাকীক সন্ধিয়া প্ৰায় ৬ বজাত নয়ডাৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়খনত মহিলা গৰকীক ভৰ্তি কৰাবলৈ অমান্তি হোৱাৰ উপৰিও মহিলা গৰাকীক পুনৰ গাজিয়াবদলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়ে । মহামাৰী COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহতে হাস্পতালসমূহত মহিলা গৰাকীক ভৰ্তি কৰোৱা নহয় বুলি জানিবলৈ দিয়ে । যাৰ বাবে চিকিৎসাৰ অভাৱতে এম্বুলেঞ্চত মৃত্যু হয় গৰ্ভৱতী মহিলা গৰাকীৰ । ঘটনা সন্দৰ্ভত শনিবাৰে জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.