নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 14 গৰাকীকৈ লোকে ৷ ইয়াৰে ছয়জন শিশু বুলি জানিব পৰা গৈছে ৷ মানিকপুৰ আৰক্ষী থানাৰ অধীনৰ প্ৰয়াগৰাজ-লক্ষ্নৌ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ৷


তীব্ৰবেগী বলেৰ' বাহনখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা ৷ তথ্য অনুসৰি, গাড়ী চলাই থকাৰ মাজতে বলেৰ' বাহনখনৰ চালকজনৰ টোপনি অহা বাবে সংঘটিত হয় এই ঘটনা ৷ মৃত লোককেইজন বিবাহযাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন