নেশ্যনেল ডেস্ক, ২২আগষ্টঃ এতিয়াও অপৰিৱৰ্তিত অৱস্থাতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য। যোৱা ১০আগষ্টত অস্ত্ৰোপচাৰৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক দিল্লীৰ সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছৰে পৰা ভেণ্টিলেশ্যনতে আছে প্ৰণৱ মুখাৰ্জী । মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছতে যোৱা ১৬আগষ্টত ক'ভিড-১৯ত আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী । সম্প্ৰতি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ক'মাত আছে যদিও তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া, ৰক্ত সঞ্চালন, আৰু ৰক্তচাপ স্থিতিশীল অৱস্থাতে আছে । বৰ্তমানেও চিকিৎসকৰ তত্বাৱধানতে আছে প্ৰণৱ মুখাৰ্জী ।
প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য অপৰিৱৰ্তিত
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য এতিয়াও অপৰিৱৰ্তিত অৱস্থাতে আছে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছৰে পৰা ভেণ্টিলেশ্যনতে আছে মুখাৰ্জী । যোৱা ১০আগষ্টত সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ।