নেশ্যনেল ডেস্ক, 31 মে': সুৰক্ষা বাহিনীসহ জম্মু-কাশ্মীৰ আৰক্ষীয়ে উত্তৰ কাশ্মীৰৰ চাপোৰৰ পৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনি জনকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ আটকধীন সন্ত্ৰাসবাদী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷
আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, সেনাৰ 22 নং ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ 179 বেটেলিয়নসহ চাপোৰ আৰক্ষীয়ে শ্বেংগেৰগাণ্ড এলেকাত এক সংযুক্ত অভিযান চলায় ৷ এই অভিযান কালতে সন্ত্ৰাসবাদী কেইজনক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷
আটকাধীন সন্ত্ৰাসবাদী কেইজন মুস্তাক আহমেদ, মুদাশ্বিৰ আহমেদ মিৰ আৰু আথাৰ চামাছ মিৰ বুলি জানিব জানিব পৰা গৈছে ৷ সন্ত্ৰাসবাদী কেইজনৰ পৰা আৰক্ষীয়ে অস্ত্ৰসহ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীও জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷
সম্প্ৰতি এই আটকাধীন সন্ত্ৰাসবাদী কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ কলকাতা আৰক্ষীৰ দুগৰাকী কনিষ্টবলক নিলম্বন