ETV Bharat / bharat

চাইবাৰ ক্ৰাইমঃ এটিএম, ডেবিট কাৰ্ডৰ তথ্য বিচাৰি ফোন কৰা চক্ৰৰে জড়িত 12 জনক গ্ৰেপ্তাৰ

আটকাধীন লোক কেইজনে বিভিন্ন লোকক ফোন কৰি বেংকৰ তথ্য, এটিএম, ডেবিট কাৰ্ডৰ পিন আদি বিচাৰি বিভিন্নজনৰ একাউন্টৰ ধন খালি কৰি আহিছিল ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধপোছ অব্যাহত ৰাখিছে ৷

Police arrested 12 persons for their alleged involvement in cybercrime
চাইবাৰ ক্ৰাইমঃ এটিএম, ডেবিট কাৰ্ডৰ তথ্য বিচাৰি ফোন কৰা চক্ৰৰে জড়িত 12 জনক গ্ৰেপ্তাৰ
author img

By

Published : Dec 5, 2020, 6:34 PM IST

নিউজ ডেস্ক, 5 ডিচেম্বৰ : ঝাৰখণ্ডৰ দেওঘৰ জিলাত চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ অভিযোগত 12 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ দেওঘৰ জিলাৰ আৰক্ষী অধীক্ষক অশ্বিনী কুমাৰ সিনহাই জানিবলৈ দিয়ে যে, গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে শুকুৰবাৰে শৰৎ আৰক্ষী থানাৰ অন্তৰ্গত গোবৰশালা গাঁৱত অভিযান চলাই 12 জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ অভিযানত আৰক্ষীৰ দলটোয়ে ধৃত লোক কেইজনৰ পৰা 12 টা মোবাইল ফোন, 21 খন চিমকাৰ্ড আৰু দুখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, আটকাধীন লোক কেইজনে বিভিন্ন লোকক ফোন কৰি বেংকৰ তথ্য, এটিএম, ডেবিট কাৰ্ডৰ পিন আদি বিচাৰি বিভিন্নজনৰ একাউন্টৰ ধন খালি কৰি আহিছিল ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ উত্তম কুমাৰ ৰেড্ডীৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.