ETV Bharat / bharat

মালায়ালম কবি অনিল পাণাচৰণৰ দেহাৱসান - অনিল পাণাচৰণ

মালায়ালম সাহিত্যৰ জগত উকা কৰি চিৰবিদায় মাগিলে প্ৰথিতযশা কবি, গীতিকাৰ অনিল পাণাচৰণে । তিৰুৱনন্থপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে মালায়ালম কবিগৰাকীয়ে ।

মালায়ালম কবি অনিল পাণাচৰণৰ দেহাৱসান
মালায়ালম কবি অনিল পাণাচৰণৰ দেহাৱসান
author img

By

Published : Jan 4, 2021, 1:19 PM IST

নেশ্যনেল ডেস্ক, ৪ জানুৱাৰী: কবিতা আৰু কেইবাটাও জনপ্ৰিয় গীতেৰে মালায়ালম সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা মালায়ালম কবি তথা গীতিকাৰ অনিল পাণাচৰণৰ দেহাৱসান । COVID-19ত আক্ৰান্ত হোৱাৰ পিছতে অনিল পাণাচৰণক তিৰুৱনন্থপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসা চলি থকাৰ মাজতে দেওবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মালায়ালম কবিগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ ।

আৰৱী কথাসহ কেইবাখনো ছবিৰ বাবে তেওঁ গীত ৰচনা কৰি থৈ গৈছে । অক্সেথ্ৰিয়ুড়ে আত্মগীতম, ৱালায়িল বীণা কিলকালকে ধৰি কেইবাটাও জনপ্ৰিয় কবিতাৰে তেওঁ ৰাইজৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী মায়া, তেওঁলোকৰ সন্তান মৈত্ৰেয়ী আৰু অৰুণক এৰি থৈ গৈছে । মালায়ালম কবিগৰাকীৰ মৃত্যুত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই গভীৰ শোকপ্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ।

অনিল পাণাচৰণৰ দেহাৱসান কেৰালাৰ বাবে এক ক্ষতি বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে । অনিল পাণাচৰণে ৰচনা কৰা আৰৱি কথা নামৰ ছবিখনৰ গীত "চ'ৰা বীণা মন্নিল" আৰু কথাপাৰায়ুমপ'লৰ বাৰ্বাৰাম বালানে শীৰ্ষক গীত দুটিয়ে তেওঁৰ স্মৃতি চিৰদিনৰ বাবে অনুৰাগীৰ হৃদয়ত সজীৱ কৰি ৰাখিব ।

লগতে পঢ়ক:ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত উৰিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.