নিউজ ডেস্ক, ২২ জুন : গ্ৰাম্যঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰূপায়ন কৰা সকলো আঁচনি বিফল হৈছে । গ্ৰামীন বিকাশ মন্ত্ৰালয়ৰ এক সমীক্ষাত প্ৰমাণিত হৈছে এই তথ্য ।
২০১৪ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম্য আদৰ্শ আঁচনিৰ ঘোষণা কৰিছিল । আৰু ২০১৪ চনৰ ১১ অক্টোবৰ তাৰিখে উক্ত আঁচনিখনৰ শুভ মুক্তি কৰা হৈছিল । যিখন আঁচনিৰ অধীনত প্ৰতিখন গাঁৱৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰা হৈছিল ।
গ্ৰামীন বিকাশ মন্ত্ৰালয়ৰ অধীনৰ এই আঁচনিৰ অধীনত গ্ৰাম্যঞ্চলৰ মূল্যাংকণ কৰাৰ বাবে এখন তদন্তকাৰী কমিটি গঠন কৰি দিয়া হৈছিল ।
কিন্তু CRM ৰ শেহতীয়া তথ্য অনুসৰি, এই আঁচনিখনৰ অধীনত কোনো ধৰণৰ অৰ্থ আৱন্টন হোৱা নাছিল । উক্ত কমিটিখনে গ্ৰাম্যঞ্চলত এটা প্ৰাৰম্ভিক গৱেষণা চলাইছিল আৰু কোনো ধৰণৰ বিকাশ লাভ নকৰাৰ তথ্য দাঙি ধৰিছিল । তেওঁলোকে পুনৰ জনোৱা অনুসৰি, গ্ৰাম্যঞ্চলত কিছু বিকাশ হৈছে কিন্তু এই বিকাশ এই আঁচনিৰ অধীনত বুলি কব নোৱাৰি ।
উল্লেখযোগ্য যে, উক্ত কমিটিখনত অৱসৰ প্ৰাপ্ত IAS বিষয়া ৰাজীৱ কাপুৰৰ নেতৃত্বত ৩১ জনীয়া কমিটি গঠন কৰি শিক্ষাবিদ আৰু অনুসন্ধান সংগঠন সমূহৰ সৈতে সংযুক্ত হৈছিল । যাৰ জৰিয়তে নৱেম্বৰত ৮ খন ৰাজ্যৰ ২১ খন জিলাৰ ১২০ খন গাঁৱত এই সমীক্ষা চলোৱা হৈছিল ।