নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: বিজেপিৰ ভূৱনেশ্বৰ কলিতাই 3 ফেব্ৰুৱাৰীত উত্থাপন কৰা প্ৰস্তাৱৰ পাছত ৰাষ্ট্ৰপতিৰ সম্বোধনত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়ে ৷
জানিব পৰা মতে পৌৰ বিকাশ মন্ত্ৰী হৰদীপ সিঙ পুৰীয়ে কি পৰিস্থিতিত National Capital Territory of Delhi Laws (Special Provisions) Second (Amendment) Ordinance, 2020 ৰ দ্বাৰা তাৎক্ষণিক বিধানৰ প্ৰয়োজন হৈছিল সেই বিষয়ে বাখ্যা কৰাৰ লগতে National Capital Territory of Delhi Laws (Special Provisions) Second Act, 2011 সংশোধন কৰাৰ বাবে এখন বিধেয়কো উত্থাপন কৰে ৷
ই কৰিমৰ লগতে বাঁওপন্থী সাংসদ সকলে এক প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে এক জাননী প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে ৷ তেঁওলোকৰ মতে 2021 ৰ 7 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা Jammu and Kashmir Reorganisation (Amendment) Ordinance, 2021 (No.1 of 2021) সংসদে অৱমাননা কৰিছে ৷
লগতে পঢ়ক:ৰাজস্থান ভ্ৰমণৰ পূৰ্বে ৰাহুল গান্ধীক আক্ৰমণ স্মৃতি ইৰাণীৰ