ETV Bharat / bharat

কৃষকলৈ কেন্দ্ৰৰ ১৮ হাজাৰ কোটিৰ পুঁজি মুকলি

author img

By

Published : Dec 25, 2020, 12:38 PM IST

শুকুৰবাৰে 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত ১৮,০০০ কোটি টকাৰ বিত্তীয় ধনৰাশি মোকলাব নৰেন্দ্ৰ মোডীয়ে । 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত মোকলাই দিয়া এয়া সপ্তমটো ধনৰাশি কৃষকসকলৰ বেংক একাউন্টত জমা হ'ব ।

১৮,০০০ কোটি টকাৰ বিত্তীয় ধনৰাশি মোকলাব মোডীয়ে

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: সংশোধিত নতুন কৃষি আইনৰ বিৰুদ্ধে আজি ৩০ দিনীয়া প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে দিনৰ ১২ বজাত ছয় পৃথক ৰাজ্যৰ কৃষকৰ সৈতে ভিডি'অ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক । এই বৈঠকত 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত ১৮,০০০ কোটি টকাৰ বিত্তীয় লাভৰ ধনৰাশি জাৰি কৰে মোডীয়ে । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰো বৈঠকত উপস্থিত আছে । 'প্ৰধানমন্ত্ৰী কিষাণ নিধি'ৰ অধীনত মোকলাই দিয়া এয়া সপ্তমটো ধনৰাশি কৃষকসকলৰ বেংক একাউন্টত জমা হ'ব । ইয়াৰ অধীনত কৃষকসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু কল্যাণৰ বাবে সকলো কথা আদান-প্ৰদান কৰিব পাৰিব ।

উল্লেখনীয় যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত 'প্ৰধানমন্ত্ৰী কিষাণ নিধি' কেন্দ্ৰীয় আঁচনিখনৰ শুভাৰম্ভণি কৰা হৈছিল । এই আঁচনিত চৰকাৰৰ তৰফৰ পৰা ১০০ শতাংশ পুঁজি নিৰ্ধাৰণ কৰে । প্ৰতিবছৰে ৬০,০০০ টকাৰ বিত্তীয় ধনৰাশি মোকলাই দিয়ে চৰকাৰে । য'ত চাৰি মাহৰ ভিতৰত দুহেজাৰ টকাকৈ তিনিটা কিস্তি দিব লাগে ।

ইয়াৰোপৰি ২ হেক্টৰ কৃষি ভূমিৰ আৱন্টন আগবঢ়োৱা হয় । যিসকল কৃষকে এই কৃষি ভূমি আৱন্টন লাভ কৰিব তাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত প্ৰশাসনে সকলো দিশ নিৰীক্ষণ কৰিব ।

উল্লেখ কৰিবলগীয়া যে কেন্দ্ৰ চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইনৰ বাতিলৰ দাবীত পঞ্জাৱ, হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আন্দোলনত কঁপাইছে ৰাজধানী দিল্লী । ২৬ নৱেম্বৰৰ পৰা দিল্লী চলো কাৰ্যসূচী লৈ অহা এইসকল কৃষকক বাধা দিবলৈ হাৰিয়ানা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰৱল চেষ্টা চলাইছিল যদিও সক্ষম নহ'ল ।

লগতে পঢ়ক: বৰদিন উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.