নিউজ ডেস্ক, ২৫ জানুৱাৰী : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় শিশু বঁটাপ্ৰাপক বিজয়ীসকলৰে মত বিনিময় কৰে । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা চমুকৈ (পিএমআৰবিপি) বঁটাপ্ৰাপক শিশুসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । অসাধাৰণ ক্ষমতা আৰু উৎকৃষ্ট সাফল্য অৰ্জন কৰা শিশুসকলক চৰকাৰে এই বঁটা প্ৰদান কৰি আহিছে । ৰাষ্ট্ৰীয় শিশু বঁটা ৯ বছৰৰ পৰা ১৬ বছৰ বয়সৰ সৃজনশীল শিশুসকলক প্ৰদান কৰি অহা হৈছে । এই সন্মান ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ স্বায়ত্ব শাসিত সংস্থা ৰাষ্ট্ৰীয় বাল ভৱনৰ দ্বাৰা প্ৰদান কৰা হয় । ইয়াৰ দ্বাৰা এখন ফলক, এখন প্ৰমাণপত্ৰ, শৈক্ষিক সম্পদ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় শিশুসকলক ।
সমগ্ৰ দেশৰ ৩২ গৰাকী শিশুক 'শিশু শক্তি পুৰস্কাৰ'ৰ বিভিন্ন শ্ৰেণীৰ অধীনত পিএমআৰবিপি-২০২১ৰ বাবে বাছনি কৰা হৈছে । ইয়াৰে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত সাতটা, নতুন উদ্ভাৱনৰ বাবে নটা আৰু শিক্ষাগত পাৰদৰ্শিতাৰ বাবে পাঁচটা পুৰস্কাৰ দিয়া হয় । ইফালে ক্ৰীড়া ক্ষেত্ৰখনত সাতগৰাকী শিশু বিজয়ী হৈছে । আনহাতে সাহসিকতাৰ বাবে তিনিগৰাকী শিশুক সম্বৰ্ধনা জনোৱা হৈছে আৰু সামাজিক সেৱা আগবঢ়োৱাৰ বাবে এগৰাকী শিশুক সন্মানিত কৰা হয় ।
সোমবাৰে দিনৰ ১২ বজাত মোডীয়ে ৰাষ্ট্ৰীয় শিশু বঁটাপ্ৰাপক বিজয়ীসকলৰে মতবিনিময় কৰি এই শিশুসকলক ধন্যবাদ জ্ঞাপন কৰে । কম বয়সতে শিশুসকলৰ কৃতিত্ব আশ্চৰ্য্যকৰ বুলি মন্তব্য কৰে মোডীয়ে । লগতে অতিমাৰী কৰ'ণা কালচোৱাত শিশুসকলৰ এই কৃতিত্বক শলাগে মোডীয়ে । পুৰস্কাৰপ্ৰাপ্ত শিশুসকল ২১ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩২ খন জিলাৰ ।
উল্লেখ্য যে, দেওবাৰে মোডীয়ে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জনজাতীয় অতিথি শিল্পী, এন এচ এচ স্বেচ্ছাসেৱক, এন চি চি কেডেট আদিৰ সৈতে 'এট হোম' অনুষ্ঠানত মতবিনিময় কৰে । উক্ত অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীসকল ক্ৰমে ৰাজনাথ সিং, অৰ্জুন মুণ্ডা, কিৰেণ ৰিজিজু আৰু ৰেণুকা সিং সাৰুতাও উপস্থিত আছিল । এইসকল শিল্পী আৰু স্বেচ্ছাসেৱকসকলে গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
গণতন্ত্ৰ দিৱস পেৰেড হৈছে দেশৰ মহান সামাজিক, সাংস্কৃতিক ঐতিহ্য আৰু সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ।
লগতে পঢ়ক:গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব লগা শিল্পীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ