ETV Bharat / bharat

এজন ফেচবুক ব্যৱহাৰকাৰীক কিয় ধন্যবাদ জনালে নৰেন্দ্ৰ মোডীয়ে !

author img

By

Published : Apr 23, 2020, 8:30 AM IST

বিশ্ব ধৰিত্ৰী দিৱস অৰ্থাৎ বুধবাৰে নৰেন্দ্ৰ মোডীৰ কবিতা শ্বেয়াৰ কৰাৰ বাবে লেখক তথা সাংবাদিক কিশোৰ মাকৱানাক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

PM thanks Facebook user for 'remembering' & sharing his poem

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ নৰেন্দ্ৰ মোডীৰ এটা পুৰণি কবিতাক বুধবাৰে অৰ্থাৎ বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে নিজৰ পেজত শ্বেয়াৰ কৰিছিল গুজৰাটৰ এগৰাকী লেখকে । যাৰ পাচত এই কবিতা প্ৰচাৰ কৰাৰ বাবে লেখকগৰাকীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লেখক কিশোৰ মাকৱানাই মোডীয়ে লিখা এটা বহু বছৰ পুৰণি কবিতা শ্বেয়াৰ কৰিছিল নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে । তাৰ পাচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুজৰাটি ভাষাত উল্লেখ কৰে, বহু বছৰ আগতেই এই কবিতাটোৰ ৰচনা কৰিছিলো । এই কবিতাটোত বিশ্বৰ মহিমা আৰু সৌন্দৰ্যৰ কথা উল্লেখ কৰা হৈছে । বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা পুনৰ এই কবিতাটো ৰোমন্থন কৰোৱাৰ বাবে ধন্য়বাদ ।

বিশ্বজুৰি ২২ এপ্ৰিলৰ তাৰিখে প্ৰকৃতি ৰক্ষাৰ সংকল্প লৈ বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে । এই বৰ্ষটো ৫০ সংখ্যক ধৰিত্ৰী দিৱস পালন কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.