ETV Bharat / bharat

বাজপেয়ীৰ বিখ্যাত কবিতা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে - বিজেপিৰ প্ৰয়াত নেতা অটল বিহাৰী বাজপেয়ী

বাজপেয়ীৰ বিখ্যাত কবিতা শ্বেয়াৰ প্ৰধানমন্ত্ৰী মোডীৰ ৷ সকলোকে 5 এপ্ৰিলত চাকি প্ৰজ্বলন কৰিবলৈ আহ্বান মোডীৰ ৷

বাজপেয়ীৰ এটা বিখ্যাত কবিতা শ্বেয়াৰ
প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Apr 4, 2020, 5:45 PM IST

নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে এক ভিডিঅ' ক্লিপৰ জৰিয়তে বিজেপিৰ প্ৰয়াত নেতা অটল বিহাৰী বাজপেয়ীৰ এটা বিখ্যাত কবিতা শ্বেয়াৰ কৰে ৷ এই ভিডিঅ'টোত বাজপেয়ীয়ে নিজৰ এটা বিখ্যাত কবিতা আবৃত্তি কৰিছিল ৷ এই কবিতাৰ জৰিয়তে দেওবাৰে নিশা 9 বজাত দেশবাসীক চাকি প্ৰজ্বলন কৰিবৰ বাবে একত্ৰিত হ'বলৈ মনত পেলাই দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

মোডীয়ে টুইটত লিখে, "আহক চাকি জ্বলাওঁ" ৷ উল্লেখ্য যে, 'আহক পুনৰ চাকি জ্বলাওঁ' হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এক বিখ্যাত কবিতা ৷ ষ্টেজৰ পৰা বাজপেয়ীয়ে কবিতা পৰিৱেশন কৰি থকা অৱস্থাত এই ভিডিঅ সংগ্ৰহ কৰা হৈছিল ৷

উল্লেখ্য যে, দেওবাৰৰ দিনা নিশা 9 বজাত 9 মিনিটৰ বাবে মোডীয়ে দেশবাসীক বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি চাকি, মমবাতি আৰু মোবাইলৰ টৰ্চ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ জৰিয়তে কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ দেশবাসীয়ে একত্ৰিত প্ৰচেষ্টা আগবঢ়াব বুলি মন্তব্য আগবঢ়াইছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.