ETV Bharat / bharat

এতিয়া টুইটাৰতো আহিল চকীদাৰ

নৰেন্দ্ৰ মোডীৰ মে ভি চৌকিদাৰ হু গীতটিৰ পাচতে টুইটাৰত চৌকিদাৰ নৰেন্দ্ৰ মোডী নামেৰে পুনৰ নামাকৰণ কৰিলে টুইটাৰ একাউন্টটো ৷

author img

By

Published : Mar 17, 2019, 11:49 PM IST

etv bharat

নতুন দিল্লী, ১৭ মাৰ্চ: নৰেন্দ্ৰ মোডীৰ 'মে ভি চৌকিদাৰ হু' শীৰ্ষক লোকসভা নিৰ্বাচনী প্ৰচাৰ গীতটিৰ মুক্তিৰ এদিনৰ পাচতেই টুইটাৰ একাউণ্টত নাম সলনি হ'ল নৰেন্দ্ৰ মোডীৰ । দেওবাৰে নৰেন্দ্ৰ মোডী নামৰ সন্মুখত 'চৌকিদাৰ' লগাই 'চৌকিদাৰ নৰেন্দ্ৰ' মোডীৰে নামাকৰণ কৰা হ'ল একাউন্টটো । মোডীৰ পাচতেই টুইটাৰ একাউণ্টত নাম সলনি কৰা দেখা গ'ল বিজেপিৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাক ।

মোডীৰ পাচতেই ভাৰতীয় জনতা দলৰ সভাপতি অমিত শ্বাহেও নাম সলনি কৰিলে তেওঁৰ টুইটাৰ একাউন্টৰ । ইয়াৰোপৰিও নৰেন্দ্ৰ মোডীক অনুসৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, জগত প্ৰকাশ, হৰ্ষ বৰ্ধন আৰু ধৰ্মেন্দ্ৰ প্ৰধানেও নামৰ সন্মুখত চৌকিদাৰ বহুৱাই আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনী প্ৰচাৰ ৷

প্ৰত্যেকবাৰৰ দৰে এইবাৰো নতুন প্ৰচেষ্টা হাতত লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈ উঠিছে বিজেপি দল ৷ চৌকিদাৰৰ ঢৌৱে এতিয়া বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীকো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.