নতুন দিল্লী, 19 জুন: 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' নীতিৰ বিষয় আৰু বহু কেইটা বিষয় সামৰি এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত থকা প্ৰতিটো দলৰে প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে এই বৈঠকলৈ ৷ তেওঁ লগতে উচ্ছ সদন আৰু নিম্ন সদনৰ সকলো সদস্যক 20 জুন তাৰিখে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' নীতিৰ বহু দলে অ-কাৰ্যকৰী বুলি কৈ ইয়াৰ বিৰোধিতা কৰিছে যদিও ওড়িশাৰ বিজু জনতা দলে ইয়াৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷
লগতে পঢ়ক: দিল্লীত 10 মহলাৰ পৰা পৰি দুজন শ্ৰমিকৰ মৃত্যু
উল্লেখ্য যে, ইয়াৰ উপৰিও মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে তাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাবনা আছে এই বৈঠকত ৷