ETV Bharat / bharat

বিহাৰ নিৰ্বাচনঃ বুধবাৰে বিহাৰৰ তিনি ঠাইত ৰেলী মোদীৰ - প্ৰধানমন্ত্ৰী মোদী

কৰ‘ণা মহামাৰীৰ মাজতে বিহাৰত অব্যাহত আছে বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে বিহাৰত বুধবাৰে সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 71 খন বিধানসভা সমষ্টিত অনুষ্ঠিত হয় ৷

PM Modi warns Bihar voters against 'jungle raj'
বিহাৰ নিৰ্বাচনঃ বুধবাৰে বিহাৰৰ তিনি ঠাইত ৰেলী মোদীৰ
author img

By

Published : Oct 28, 2020, 10:30 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ: কৰ‘ণা মহামাৰীৰ মাজতে বিহাৰত অব্যাহত আছে বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে বিহাৰত বুধবাৰে সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 71 খন বিধানসভা সমষ্টিত অনুষ্ঠিত হয় ৷

আনহাতে বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী উপস্থিত হয় বিহাৰত ৷ আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ দৰভংগা, মুজাফ্ফৰপুৰ আৰু পাটনাত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে বুধবাৰে পুৱাই দৰভংগাত উপস্থিত হৈ নিজৰ ভাষণত ৰাম মন্দিৰৰ প্ৰসংগ টানি আনি কয় যে, ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু যিসকলে ৰাম মন্দিৰ প্ৰসংগত আমাক সমালোচনা কৰা সকলে আজি হাত চাপৰি বজাইছে ৷ লগতে মুজাফ্ফৰপুৰতো উদ্দাত্ত ভাষণ প্ৰদান কৰি মোদীয়ে আত্ম নিৰ্ভৰ বিহাৰ গঢ়াৰ বিজেপিৰ লক্ষ্য সন্দৰ্ভত ৰাইজক অৱগত কৰে তথা বিহাৰৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰি অহা বুলি উল্লেখ কৰে ৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী ৰাজনৈতিক দলকো ক্ষুৰধাৰ সমালোচনা কৰি বিহাৰৰ ৰাইজে আৰু জংগল ৰাজক প্ৰশ্ৰয় নিদিয়ে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক: ক'ভিড-19 ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.