নিউজ ডেস্ক, 22 জুন : কেন্দ্ৰীয় বাজেটৰ পূৰ্বে, দেশৰ ব্যাপক অৰ্থনৈতিক স্থিতিৰ সমীক্ষাৰ বাবে বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আজি বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী লাভৰ পাচতেই 5 জুলাইত লোকসভাত দাখিল কৰা হ'ব প্ৰথমখন বাজেট ৷
উক্ত বৈঠকত প্ৰধানমন্ত্ৰীয়ে বাজেট প্ৰস্তাৱ সম্পৰ্কতো আলোচনা কৰিব, যি নীতি আয়োগৰ সন্মুখত দাখিল কৰা হ'ব বুলিও চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷
শনিবাৰে দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকতে প্ৰধানমন্ত্ৰী মোডীক বাজেট সম্পৰ্কত প্ৰস্তুতি প্ৰদান কৰিব ৷