ETV Bharat / bharat

2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব মোডীয়ে

দেওবাৰে বছৰটোৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দিনৰ 11 বজাত প্ৰকাশ পাব অনুষ্ঠানটো ৷

2019 বৰ্ষৰ অন্তিমটো খণ্ড
প্ৰধানমন্ত্ৰী মোডীৰ 'মন কী বাত'
author img

By

Published : Dec 29, 2019, 9:53 AM IST

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব ৷ দেওবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হ'বলগা মাহেকীয়া ৰেডিঅ' অনুষ্ঠানটো হ'ব 'মন কী বাত'ৰ 60 সংখ্যক খণ্ড ৷

AIR, দূৰদৰ্শন আৰু নৰেন্দ্ৰ মোডী এপৰ জৰিয়তে দিনৰ 11 বজাত অনুষ্ঠানটো প্ৰচাৰ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

ইয়াৰ পূৰ্বে 24 নৱেম্বৰত প্ৰচাৰ হোৱা 'মন কী বাত' অনুষ্ঠানত মোডীয়ে দেশৰ প্ৰতিটো প্ৰান্তৰ বিদ্যালয়তে 'Fit India School grading system' উন্মোচনৰ কথা ঘোষণা কৰিছিল ৷

তেওঁ লগতে সকলোকে আহ্বান জনাইছিল যে, প্ৰতিজন লোকে নিজৰ মাতৃভাষা ক'ব লাগে ৷ মাতৃভাষাৰ অপমান কৰি কোনো লোকৰে প্ৰগতি হোৱা নাই বুলি মন্তব্য কৰিছিল মোডীয়ে ৷

উল্লেখ্য যে, প্ৰতিমাহৰ অন্তিমটো দেওবাৰত এই অনুষ্ঠানটো প্ৰচাৰ হয় আৰু ইয়াৰ বাবে দেশৰ জনসাধাৰণৰ পৰা পৰামৰ্শ বিচৰা হয় ৷

আৰু পঢ়ক : আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত চোৰেণে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.