ETV Bharat / bharat

21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ' কনফাৰেন্স

author img

By

Published : Sep 11, 2020, 4:56 PM IST

21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্স ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-2020ৰ আধাৰত,21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মিলনখন সম্বোধন কৰে ৷ 21 শতিকাৰ এই প্ৰথমখন শিক্ষা নীতিৰ লক্ষ্য এক ভাৰতকেন্দ্ৰিক শিক্ষা ব্যৱস্থা যিয়ে দেশখনক গ্ল'বেল মহাশক্তিলৈ ৰূপান্তৰ কৰিব ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি - 2020 ৰ আধাৰত, 21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স

নেশ্যনেল ডেস্ক, 11 চেপ্তেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষানীতি-2020ৰ আধাৰত,21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে শুকুৰবাৰে এখন সন্মিলনী সম্বোধন কৰে ৷ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত কোৱা হয় যে শিক্ষা পৰ্বৰ অংশ হিচাপে শিক্ষা মন্ত্ৰালয়ে এখন দুদিনীয়া বৈঠক অনুষ্ঠিত কৰিছে আৰু বৃহস্পতিবাৰে এই বৈঠকৰ আৰম্ভনি হয় ৷

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ ভাষ্য অনুসৰি নতুন শিক্ষা নীতিৰ বিভিন্ন দিশসমূহ সামৰি দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ৱেবিনাৰৰ লগতে ভাৰ্চুৱেল কনফাৰেন্স তথা সন্মিলনী অনুষ্ঠিত কৰি অহা হৈছে ৷ শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে নতুন শিক্ষা নীতিক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে চেপ্তেম্বৰ 8-25 লৈ শিক্ষা পৰ্ব (শিক্ষা উৎসৱ)পালন কৰা হয় ৷

আগষ্ট 7 তাৰিখে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি -2020 ৰ আওতাত উচ্চ শিক্ষাৰ ৰূপান্তৰমূলক সংস্কাৰ সংক্ৰান্ত সমাৱৰ্তনত উদ্বোধনী ভাষণ প্ৰদান কৰাৰ লগতে উক্ত নীতিক লৈ ৰাজ্যপালৰ সন্মিলনতো সম্বোধন কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিক কাৰ্যত সম্পাদন কৰাক লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ইয়াৰ বিশেষত্ব তথা অন্য দিশসমূহ সামৰি হিতাধিকাৰী সকলৰ লগতে বহুজনৰ সৈতে আলোচনাত মিলিত হৈছে ৷

পূৰ্বৰ জাতীয় শিক্ষানীতি 1986 ঘোষনাৰ সুদীৰ্ঘ 34 বছৰৰ মূৰত 21 শতিকাৰ এইখন প্ৰথমখন শিক্ষা নীতি৷ চৰকাৰৰ মতে এই নতুন শিক্ষা নীতিক বিদ্যালয় তথা উচ্চ পৰ্যায়ৰ শিক্ষা এই উভয় স্তৰতে বৃহৎ পৰিৱৰ্তন অনাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা হৈছে ৷ এই নতুন জাতীয় শিক্ষানীতিৰ উদ্দেশ্য দেশত এখন প্ৰাণৱন্ত জ্ঞানী সমাজ তৈয়াৰ কৰা ৷ এই নীতিৰ জড়িয়তে এক ভাৰতকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ কল্পনা কৰা হৈছে,যিয়ে দেশখনক গ্ল'বেল মহাশক্তিলৈ ৰূপান্তৰ কৰাৰ এক লক্ষ্য আগত ৰাখি আগবাঢ়িছে ৷

লগতে পঢ়ক: গোৱালপাৰাত PMAY গৃহৰ নামত হিতাধিকাৰীৰ পৰা লয় ধন!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.