ETV Bharat / bharat

ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ কটাক্ষ ৰাহুল গান্ধীৰ

মৌনতা ভংগ কৰিবলৈ প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীক টুইটযোগে পৰামৰ্শ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মৌন হৈ থকাক লৈ তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। পঞ্জাৱত সম্বোধন কৰা এখন সংবাদমেলৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীয়ে চীনক ভাৰতৰ ভূমি এৰি দিছে বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।

ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ কটাক্ষ ৰাহুল গান্ধীৰ
ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ কটাক্ষ ৰাহুল গান্ধীৰ
author img

By

Published : Oct 7, 2020, 4:45 PM IST

নেশ্যনেল ডেস্ক, ৭অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তীব্ৰ বাক্যবাণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰি ৰাহুল গান্ধীয়ে এটা টুইটত কয় যে,'আপুনি মৌনতা ভংগ কৰা উচিত আৰু দেশবাসীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিয়া উচিত।' টুইটত মঙলবাৰে পঞ্জাৱত সম্বোধন কৰা এখন সংবাদমেলৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে। য'ত COVID-19ৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ,কৃষি আইন,হাথৰছ কাণ্ডকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নকৰাক লৈ ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

  • PM जी, अकेले टनल में हाथ हिलाना छोड़ो, अपनी चुप्पी तोड़ो।
    सवालों का सामना करो, देश आपसे बहुत कुछ पूछ रहा है। pic.twitter.com/o6pVLjZlIO

    — Rahul Gandhi (@RahulGandhi) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উত্তৰাখণ্ডৰ ৰোহতঙত অটল সুৰংগ আৰম্ভ কৰাক লৈ টিপ্পনী কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে,'প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অকলে সুৰংগত হাত জোকাৰি থকা বন্ধ কৰক আৰু মৌনতা ভংগ কৰক,দেশবাসীৰ প্ৰশ্নৰ উত্তৰ দিয়ক।' নিজৰ সন্মান ৰক্ষাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে ১,২০০ বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূ-খণ্ড চীনক দিয়া বুলিও কটাক্ষ কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৩খন ক'লা আইনৰ কংগ্ৰেছে বিৰোধিতা কৰিছে বুলি মন্তব্য কৰে।

এই আইনে দেশত কৃষি,খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে আৰু এই আইনে পঞ্জাৱ আৰু হাৰিয়ানাক আটাইতকৈ প্ৰভাৱিত কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। পঞ্জাৱ আৰু হাৰিয়ানাত কৃষি আইনৰ বিৰোধিতাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ট্ৰেক্টৰ ৰেলী অব্যাহত আছে। ইয়াৰ উপৰিও ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাই হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে। প্ৰথম অৱস্থাত ৰাহুল-প্ৰিয়ংকাক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গাঁৱত প্ৰৱেশ বাধা প্ৰদান কৰে। COVID-19ৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ,কৃষি আইন,হাথৰছ কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ কটাক্ষ কৰি বুধবাৰে টুইটযোগে পঞ্জাৱৰ সংবাদমেলৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে ৰাহুল গান্ধীয়ে।

লগতে চাওকঃ স্বনিৰ্ভৰশীলতাৰ বাট মুকলি কৰাৰ উদ্দেশ্যৰে দৰঙত শিপিনীক তাঁতশাল বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.