ETV Bharat / bharat

পুখুৰী খণ্ডত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 20 হাজাৰ কোটি

প্ৰধানমন্ত্ৰী মৎস সম্পদ যোজনাৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মুকলি কৰি দিয়ে প্ৰায় 20 হাজাৰ কোটি টকা ৷ 2020-21ৰ পৰা 2024-25ৰ ভিতৰত এই আঁচনি কাৰ্যকৰী কৰি তুলিবলৈ 20,050 কোটিৰ পূঁজি আনুষ্ঠানিকভাৱে আৱন্টন দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Sep 10, 2020, 6:54 PM IST

পুখুৰী খণ্ডত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 20 হাজাৰ কোটি
পুখুৰী খণ্ডত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 20 হাজাৰ কোটি

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী মৎস সম্পদ যোজনাৰ অধীনত বৃহস্পতিবাৰে 20,050 কোটি টকা মুকলি কৰি দিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মৎসপালনৰ ক্ষেত্ৰখনত উৎপাদন বৃদ্ধিৰ লগতে কৃষকৰ আয় দুগুণ কৰিবলৈ এই বৃহৎ পৰিমানৰ পূঁজিৰ আৱন্টন দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ অংশস্বৰূপে এই পূঁজি আৱন্টন দিয়াৰ লগতে অক্টোৱৰ আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিহাৰৰ বাবে কেতবোৰ অভিলাসী আঁচনিৰ বিষয়ে ঘোষণা কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে e-Gopala নামৰ এক এপ্লিকেশ্বন মুকলি কৰি দিয়াৰ লগতে পূৰ্ণিয়াৰ কৃষকৰ বাবে 84.27 কোটিৰ বিনিয়োগ মুকলি কৰে ৷ এই টকাৰ উপৰিও 75 একৰ ভূমিত অত্যাধুনিক প্ৰযুক্তিৰে কুকুৰা-হাঁহ পালন তথা গৰুৰ বীৰ্যকোষৰ বাবে এটা বীৰ্যষ্টেচন মুকলি কৰাৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ মৎস সম্পদ যোজনা এক অভিলাসী আঁচনি যি আঁচনিৰ দ্বাৰা দেশৰ মৎস উৎপাদন আৰু পুখুৰী খণ্ডত বহনক্ষম উৎপাদনত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.