ETV Bharat / bharat

ব্ৰিকছ সন্মিলনত মোডীঃ ভাৰতৰ মুখ্য বিষয় কাশ্মীৰ ইচ্ছ্যু - ব্ৰাজিলত অনুষ্ঠিত 11 সংখ্যক ব্ৰিকছ সন্মিলন

ব্ৰাজিলত অনুষ্ঠিত 11 সংখ্যক ব্ৰিকছ সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ জিন পিং আৰু পুটিনক সাক্ষাৎ ৷

ব্ৰিকছ সন্মিলনত মোডীঃ ভাৰতৰ মুখ্য বিষয় কাশ্মীৰ ইচ্ছ্যু
author img

By

Published : Nov 13, 2019, 7:38 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰঃ 11 সংখ্যক ব্ৰিকছ সন্মিলনৰ প্ৰাকমুহূৰ্তত চীনা ৰাষ্ট্ৰপতি জিনপিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ভাৰতে আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (Regional Comprehensive Economic Partnership) ত্যাগ কৰাৰ কেইদিনমানৰ পিচতে হোৱা এই সাক্ষাতে এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ভাৰতৰ থলুৱা উদ্যোগসমূহে RCEP ৰ তীব্ৰ বিৰোধীতা কৰিছে, কিয়নো তৃতীয় দেশৰ মাধ্যমৰ দ্বাৰা ভাৰতলৈ সামগ্ৰী আমদানী হ’লে ভাৰতৰ বজাৰ চীনা সামগ্ৰীৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত হ’ব ৷ ভাৰতে চীন সমন্বিতে বাণিজ্যিক ক্ষেত্ৰত 50 বিলিয়ন আমেৰিকান ডলাৰৰ লোকচানৰ সন্মূখীন হ’ব লগা হৈছিল ৷ এই ক্ষেত্ৰত তামিলনাডুত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু চীনৰ উপ-প্ৰিমিয়াৰ হু চুনহুৱা অতি শীঘ্ৰে এক বৈঠকত মিলিত হোৱাৰ কথা য’ত বাণিজ্যৰ ক্ষেত্ৰত হোৱা লোকচানৰ বিষয়ে আলোচনা কৰা হ’ব ৷

আনহাতে ব্ৰাজিলীয়াত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ মূল বিষয় কাশ্মীৰ ইচ্ছ্যু ৷ কিন্তু তামিলনাডুত মিলিত হ’বলগীয়া সন্মিলনত কাশ্মীৰ সম্বন্ধে কোনোধৰণৰ আলোচনা হোৱাৰ কথা নাছিল ৷ ইয়াৰ লগতে চীনৰ মিত্ৰ পাকিস্তানক নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত চীনৰ সমৰ্থনে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধত এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ৷ ইয়াৰ মাজতে 14 নৱেম্বৰত কাশ্মীৰৰ 370 নং অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত দ্বিতীয় মাৰ্কিন কংগ্ৰেছৰ শুনানি প্ৰকাশ কৰা হ’ব ৷ টম লোণ্টোছ মানৱ অধিকাৰ আয়োগে পূৰ্বৰ ৰাজ্যৰ মানৱ অধিকাৰৰ স্থিতি সন্দৰ্ভত 14 নৱেম্বৰত ভাৰতৰ জম্মু-কাশ্মীৰৰ ঐতিহাসিক ৰাষ্ট্ৰীয় বিষয়ৰ সম্পৰ্কত শুনানি প্ৰদান কৰিব ৷ লোণ্টছৰ পৰিয়ালৰ দ্বাৰা গঠিত সমিতিত লোণ্টছৰ মৃত্যুৰ পিছত তাৰ দায়িত্বভাৰ গ্ৰহণ কৰে জিম মেকগোভাৰ্ণ আৰু ৰিপাব্লিকান ক্ৰিছ স্মিথে ৷ ইয়াৰ পূৰ্বে 2014-15 চনত এই সমিতিয়ে ভাৰতৰ ধৰ্মীয় সংখ্যালঘূৰ কোনো বিষয় সন্দৰ্ভত বিচাৰ প্ৰদান কৰিছিল ৷

‘‘মুছলমান বসতি প্ৰধান জম্মু-কাশ্মীৰৰ আইন সলনি কৰিবলৈ ভাৰত চৰকাৰৰ সিদ্ধান্ত বিগত আগষ্টত ঘোষিত আৰু 2019 চনৰ 31 অক্টোবৰলৈ প্ৰভাৱিত ৰূপত কাশ্মীৰ সম্পৰ্কে বিশেষভাৱে আকৰ্ষিত কৰিছে ৷ আনহাতে মানৱ অধিকাৰ উলংঘনৰ ক্ৰমাগত প্ৰতিবেদন য’ত মতামত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰা বিষয়ো অন্তৰ্ভুক্ত আছে ৷ ইয়াৰোপৰি শতাধিক ৰাজনীতিবিদ, অধিবক্তা, সাংবাদিক তথা সমাজসেৱকক বলবপূৰ্কভাৱে নিখোঁজ হোৱাৰ আশংকাৰ লগতে প্ৰতিবাদকাৰীসকলৰ ওপৰত অত্যাধিক কঠোৰ হোৱা বিষয়টোৰ ওপৰতো সমিতিৰ দৃষ্টি নিবন্ধ আছিল ৷ সুৰক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ব্যৱহাৰ বন্ধ কৰা তথা কাশ্মীৰৰ বহিৰাগত সন্ত্ৰাসবাদীয়ে স্থানীয় ব্যৱসায়ীসকলক প্ৰতিবাদ কৰাৰ বাবে উচতনি দিয়াৰ বিষয়সমূহ জড়িত হৈ আছে ৷’’ এই কথা এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰে ৷ এক প্ৰেছ বিবৃতি অনুসৰি জম্মু আৰু কাশ্মীৰৰ মানৱ অধিকাৰ উলংঘনৰ স্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ লগতে ভাৰত-পাক দুয়োখন দেশতে অধিকাৰ উলংঘনৰ সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগ অনুসৰি সেই সম্পৰ্কে তথ্য যুগুত কৰা ৷

পুটিনৰ সৈতে মিলিত মোডীঃ বিষয় সন্ত্ৰাসবাদ

মোডী আজি ব্ৰিকছ সন্মিলনত পুটিন আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেয়ৰ মেছায়িছ বোল্চোনাৰোৰ সৈতে মিলিত হৈ সন্ত্ৰাসবাদ সম্পৰ্কে আলোচনা কৰে ৷ পুটিন আৰু মোডীৰ সাক্ষাৎ এইটো সময়ত হৈছে যিটো সময়ত তুৰ্কীৰ ৰাষ্ট্ৰপতি এদোৰ্গন ছিৰিয়াৰ পৰিস্থিতি সন্দৰ্ভত নাটোৰ সহযোগীসকলৰ মাজত হৈ থকা উত্তেজনাৰ মাজতে আমেৰিকা ভ্ৰমণ কৰিব ৷ ইয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ 2014 চনৰ পিচত এইখন ষষ্ঠ ব্ৰিকছ সন্মিলন য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিছে ৷ এই বৰ্ষৰ সন্মিলনৰ বিষয় হৈছে ‘‘ অৰ্থনৈতিক বিকাশ ভৱিষ্যতৰ উদ্ভাৱনী প্ৰবৃদ্ধি ৷’’ ব্ৰিকছৰ পাঁচ প্ৰধান ৰাষ্ট্ৰ বিশ্বৰ অৰ্থব্যৱস্থাৰ প্ৰথম 42 খন ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত আছে ৷ এই সন্মিলনৰ আৰম্ভণিতে সামূহিক ফটোৰ পিচতে 14 নৱেম্বৰৰ পুৱা ব্ৰিকছৰ নেতাবোৰে ব্ৰিকছ সন্মিলনত ভাগ ল’ব ৷ ইয়াৰ পিচত ব্ৰিকছৰ পূৰ্ণকালীন অধিৱেশন অনুষ্ঠিত হ’ব য’ত অৰ্থনৈতিক বিকাশৰ সম্পৰ্কে আলোচনা কৰা হ’ব ৷ এইবাৰৰ ব্ৰিকছ সন্মিলনত বিশ্বৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ ব্যৱস্থা সম্পৰ্কেও আলোচনা কৰা হ’ব ৷ এই বিষয়ত ভাৰতৰ পূৰ্ণ সহযোগৰ লগতে মুখ্য ভূমিকা পালন কৰাৰ বাবেও সাজু থকাৰ পোষকতা কৰে ৷

আৰু পঢ়কঃ ভাৰত অবিহনে RCEP দুৰ্বলঃ অষ্ট্ৰেলিয়ান আমোলা

Intro:Body:

ARTICLE NEWS

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.