ETV Bharat / bharat

পুটিনলৈ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : May 9, 2020, 8:53 PM IST

এক টুইটযোগে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ ৰাছিয়াৰ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰা দিনটোৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মস্কোত আয়োজন কৰা বিশেষ কাৰ্যসূচী । নাজী জাৰ্মানীক দ্বিতীয় বিশ্বযুদ্ধত পৰাস্ত কৰাৰ দিনটো ৰাছিয়াই ভিক্টৰি ডে' হিচাপে উদযাপন কৰি আহিছে ।

পুটিনলৈ ভিক্টৰি ডে'ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ ।

নিউজ ডেস্ক, ৯ মে' : দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত ৰাছিয়াই প্ৰতিবছৰে ৯ মে'ত বিজয় দিৱস উদযাপন কৰি আহিছে । চলিত বৰ্ষত কোভিড-১৯ মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিজয় দিৱসৰ কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হয় । ৰাছিয়াই এইবাৰ ৭৫সংখ্যক বিজয় দিৱস উদযাপন কৰে ।

ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি ৰাছিয়াক শুভেচ্ছা জ্ঞাপন কৰে । দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰো বহুসংখ্যক সৈনিকে প্ৰাণ ত্যাগ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰে ।

  • India stands with Russia in solemn remembrance today, on the 75th Anniversary of Victory Day. Tens of thousands of Indian soldiers also made the supreme sacrifice in the Second World War. My warm greetings to President Putin and the Russian people on this occasion. @KremlinRussia

    — Narendra Modi (@narendramodi) May 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, নাজী জাৰ্মানীৰ ওপৰত ৰাছিয়াৰ বিজয়ে অৱসান পেলাইছিল দ্বিতীয় বিশ্বযুদ্ধৰ । তেতিয়াৰ পৰাই ৰাছিয়াই এই দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰি আহিছে । ৰাছিয়াৰ মস্কোস্থিত পেৰেড গ্ৰাউণ্ডত সামৰিক সন্মানেৰে ইয়াক উদযাপন কৰা হয় । অৱশ্যে এইবাৰ আজিৰ দিনটো অনুষ্টুপীয়াকৈ থৈ দিবলগীয়া হয় ৰাছিয়াৰ ।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি ৰাছিয়াৰ লগতে ৰাষ্ট্ৰপতি পুটিন আৰু ৰাছিয়াবাসীক ধন্য়বাদ জ্ঞাপন কৰে ।

লগতে পঢ়কঃ WWII ৰ বাৰ্ষিকী উপলক্ষ্যে পুটিনলৈ কিম জঙৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.