নিউজ ডেস্ক, 12 অক্টোবৰ : আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে 30 জন ষ্টাৰ কেম্পেইনাৰৰ তালিকা মুকলি কৰিছে ।
তালিকাত অন্তৰ্ভূক্ত হোৱা লোকৰ ভিতৰত নাম আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নাড্ডা, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্রসাদ, স্মৃতি ইৰাণী, ধৰ্মেন্দ্ৰ প্ৰধানকে আদি বহু কেইগৰাকী লোক ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মহাৰাষ্ট্ৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাদনাভিছ আৰু বিজেপিৰ সাংসদ মনোজ তিৱাৰীৰ লগতে আন নেতাসকলৰ নামও তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখ্য যে, 243 খন আসনৰ বাবে বিহাৰ বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ 28 অক্টোবৰ, 3 নৱেম্বৰ, আৰু 7 নৱেম্বৰত আৰু ভোট গণনা কৰা হ'ব 10 নৱেম্বৰত ৷
লগতে পঢ়ক : বঙালী সংগঠনৰ সভাস্থলীত উৰিল আলফা (স্বা)ৰ পতাকা