নিউজ ডেস্ক, ২২ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে অৰ্থাৎ ২৩ জুলাইত মণিপুৰত স্থাপন কৰিব পানী যোগান আঁচনিৰ আধাৰশিলা । ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে স্থাপন কৰিব এই আধাৰশিলা । এই আধাৰশিলা স্থাপনৰ সময়ত মণিপুৰৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰী, কেইবাগৰাকীও বিশেষ দপ্তৰৰ মন্ত্ৰী,সাংসদ আৰু বিধায়ক ইম্ফলৰ কাৰ্যালয়ত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ।
কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনলৈকে "Har Ghar Jal" আঁচনিৰ অধীনত দেশৰ গ্ৰামীণ অঞ্চলৰ প্ৰত্য়েকটো পৰিয়ালকে সুৰক্ষিত তথা পৰ্যাপ্ত মাত্ৰাৰ বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবেই এই জল জীৱন মিছন হাতত লয় । এই অনুষ্ঠান জল সংৰক্ষণ,বৰষুণ পানী সংগ্ৰহ কৰা তথা তাক পুনৰ ব্যৱহাৰ কৰা এই বিষয় সন্দৰ্ভটো ব্যৱস্থা গ্ৰহণ কৰিব ।
উল্লেখ্য় যে,ভাৰতত প্ৰায় ১৯ কোটি পৰিয়াল বাস কৰে । কিন্তু ইয়াৰ মাত্ৰ ২৪ শতাংশহে বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰে । সেইহে এই মিছনৰ জৰিয়তে ৰাজ্য চৰকাৰ, পঞ্চায়ত, ৰাজ্য সংস্থা আৰু স্থানীয় সমুদায় সহিতে সকলো হিতাধিকাৰীৰ অংশীদাৰিত্বৰ মাধ্যমেৰে FHTCৰ জৰিয়তে ১৪,৩৩,২১,০৪৯ টা পৰিয়ালক এই পানী যোগান ধৰিব ।