ETV Bharat / bharat

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনী ! কেন্দ্ৰ-ৰাজ্যৰ ২৮ হাজাৰ কোটি টকা মুকলি

author img

By

Published : Apr 12, 2020, 9:50 AM IST

১০ এপ্ৰিললৈ ৩১.৭৭ কোটি বেংক একাউণ্টলৈ ২৮,২৫৬ কোটি টকা প্ৰদান । প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত প্ৰদান কৰা হয় এই ধনৰাশি । আনহাতে ৰাজ্যসমূহে ৩০৬৬ কোটি টকা প্ৰদান কৰে বুলি জনায় ভাৰতৰ বিত্তমন্ত্ৰী গৰাকীয়ে ।

PM Garib Kalyan! Centre, states transfer Rs 28,000 crores, half of it under existing PM Kisan Samman scheme

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যোৱা ১০ এপ্ৰিল লৈ প্ৰায় ৩২ কোটি বেংক একাউণ্টলৈ ২৮ হাজাৰ কোটি টকা মুকলি কৰিছে । ইয়াৰে ৪০ শতাংশ অৰ্থাৎ ১১.৩৩৫ কোটি টকা কেন্দ্ৰৰ নতুন আঁচনি প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণৰ অধীনত প্ৰদান কৰা হৈছে । আনহাতে ১৩,৮৫৫ কোটি মুকলি কৰা হয় প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ অধীনত ।

যোৱা ২৬ মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত ১.৭ লাখ কোটি টকা প্ৰদানৰ ঘোষণা কৰিছিল । কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ এই আঁচনিৰ অন্তৰ্ভূক্ত কৰা হ'ব বুলি উল্লেখ কৰিছিল মন্ত্ৰীগৰাকীয়ে ।

শনিবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে ১০ এপ্ৰিললৈকে ৩১.৭৭ কোটি একাউণ্টলৈ ২৮,২৫৬ কোটি টকা ট্ৰান্সফাৰ কৰাৰ কথা সদৰি কৰে । ইয়াৰে ৪০ শতাংশ অৰ্থাৎ ১১.৩৩৫ কোটি টকা কেন্দ্ৰৰ নতুন আঁচনি প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণৰ অধীনত কৰা হৈছে । আনহাতে ১৩,৮৫৫ কোটি মুকলি কৰা হয় প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ অধীনত । যিটো যোৱা বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ।

ভাৰতত এই ভাইৰাছত বৰ্তমানলৈ ২৪০ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে সমগ্ৰ বিশ্বত ১.৩ লাখ লোকৰ মৃত্যু হৈছে । ইতিমধ্যে দেশত ২১ দিনীয়া লক্ ডাউন চলি আছে । আনহাতে লক্ ডাউনৰ সময়সীমা বৃদ্ধিৰো কুচ কাৱাছ কৰি থকা হৈছে ।

আঁচনি ভিত্তিক ট্ৰান্সফাৰ

এই মাহত মুঠ ৯,৯৩০ কোটি টকা প্ৰদান কৰিছে চৰকাৰে । প্ৰধানমন্ত্ৰী জন ধন একাউণ্টৰ অধীনত ১৯.৮৬ কোটি মহিলাক ৫০০ টকাকৈ প্ৰদান কৰা হৈছে । চৰকাৰৰ মতে প্ৰায় ৯৭ শতাংশ যোগ্য উপভোক্তাক সাঁঙুৰি লোৱা হৈছে । ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধা, জেষ্ঠ নাগৰিক, শাৰীৰিক সক্ষম লোকৰ ২.৮২ কোটি উপভোক্তাক ৫০০ টকাকৈ প্ৰদান কৰে । চৰকাৰে ১০০০ হাজাৰ টকা দুটা ইন্সটলমেণ্টত ৫০০ টকাকৈ প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল ।

প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিঃ

এই আঁচনি অধীনত ১৩,৮৫৫ কোটি টকা ৬.৯৩ কোটি কৃষকক প্ৰদান কৰা হৈছে । প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত বৰ্তমালৈকে নগদ হস্তান্তৰৰ এইটো আটাইতকৈ সৰ্বাধিক ৪৯ শতাংশ । এই আঁচনিৰ অন্তৰ্গত ১২ কোটি কৃষকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছিল মোডীৰ । প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ অধীনত চৰকাৰে প্ৰতি বছৰে ৬০০০ হাজাৰকৈ প্ৰায় ৮ হাজাৰ কৃষকক প্ৰদান কৰে । তিনিটা ইন্সটলমেণ্টত এই ধনৰাশী মুকলি কৰা হয় ।

ৰাজ্য সমূহৰ ৩০৬৬ কোটি টকা প্ৰদানঃ

শনিবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে, ৰাজ্য সমূহয়ে ৰাজ্যৰ ২.১৬ পঞ্জীকৃত শ্ৰমিকলৈ ৩,০৬৬ কোটি টকা মুকলি কৰিছে ।

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত ধন লাভ কৰা উপভোক্তা সকল হৈছে- জন ধন একাউণ্টধাৰী মহিলা (১৯,৮৬ কোটি), বৃদ্ধা, জেষ্ঠ নাগৰিক, শাৰীৰিক সক্ষম লোক (২.৮২ কোটি), কৃষক (৬.৯৩ কোটি), নিৰ্মাণকাৰী শ্ৰমিক (২.১৬ কোটি) মুঠ ৩১.৭৭ কোটি উপভোক্তাৰ বেংক একাউণ্টলৈ ধন প্ৰদান কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.