নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে দেশজুৰি চলা লক ডাউন শৃংখলাবদ্ধ তথা কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলিবৰ বাবে সেনা বাহিনী মোতায়ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰা হৈছে ৷
এই আৱেদনত উল্লেখ হৈছে যে, লক ডাউনৰ সময়ত দেশৰ বহু কেইখন ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাস্থ্যকৰ্মী তথা আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰা হৈছে । তেখেতসকলৰ মৌলিক অধিকাৰৰ খৰ্ব নহ'বলৈ কিছু নিৰ্দেশাৱলী প্ৰযোজ্য কৰিবলৈ আৱেদনখনত উল্লেখ কৰা হৈছে । লগতে এনে ঘটনাসমূহৰ তদন্তৰ বাবে চিবিআই তথা এনআইএক নিৰ্দেশ দিব লাগে বুলিও আৱেদনত সদৰী কৰে ।
তাৰোপৰি আৱেদনখনত উল্লেখ কৰে যে, কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে দেশজুৰি লক ডাউন অব্যাহত থকাটো অত্যন্ত প্ৰয়োজনীয় । সেয়হে লক ডাউন শৃংখলাবদ্ধ তথা নিয়াৰীকৈ চলিবৰ বাবে বিভিন্ন ৰাজ্য়সমূহত সেনা বাহিনী মোতায়ন কৰাটো অতি প্ৰয়োজনীয় । সেনা মোতায়ন কৰিলে ভাৰতৰ জনসাধৰণ উপকৃত হ'ব বুলিও আৱেদনত উল্লেখ কৰা হৈছে ।
মহামাৰী COVID-19 ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা দেশজুৰি বৃদ্ধি হোৱা সময়তে কেইখনমান ৰাজ্যত একাংশ নাগৰিকক নিজ নিজ বাসগৃহলৈ লৈ যোৱাৰ বাবে একগোট কৰা হয় বুলি উল্লেখ কৰে আৱেদনখনত ।
উল্লেখ্য যে, ১৯ এপ্ৰিল পৰ্যন্ত সমগ্ৰ দেশজুৰি COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ১৫,৭১২ জন আৰু মৃত্যুৰ সংখ্যা হৈছে ৫০৭ জন ।