ETV Bharat / bharat

প্লাজমা থেৰাপি : এক অনুমান,ভাল আৰু বেয়া দিশ

author img

By

Published : Apr 25, 2020, 7:56 PM IST

প্লাজমা থেৰাপি সম্পৰ্কত ইটিভি ভাৰতক বিভিন্ন তথ্য প্ৰদান কৰিলে ডঃ সংগীতা পাঠকে ৷

কৰ'ণা ভাইৰাছ
প্লাজমা থেৰাপি

নেশ্য়নেল ডেস্ক, 25 এপ্ৰিল : কৰ'ণা ভাইৰাছে বিশ্বৰ প্ৰায় 2.7 মিলিয়ন লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিলে প্ৰায় 1,91,000 লোকৰ ৷ বৰ্তমানলৈকে ৰোগবিধ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ বিশেষ চিকিৎসা ব্য়ৱস্থা উদ্ভাৱন কৰিব নোৱাৰাত ই এক জটিল ৰূপ ধাৰণ কৰিছে ৷ বিজ্ঞানী আৰু চিকিৎসকসকলে COVID-19 ৰ চিকিৎসাৰ বাবে বিভিন্ন ঔষধ,প্ৰতিষেধক আৰু উপায় অৱলম্বন কৰা দেখা গৈছে ৷

এনে সময়তে বিশ্বৰ চিকিৎসা বিজ্ঞানত বিশেষ তাৎপৰ্য বহন কৰিছে প্লাজমা থেৰাপিয়ে ৷ Indian Council of Medical Research (ICMR) য়ে প্লাজমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ কৰিবলৈ সন্মতি প্ৰদান কৰাৰ পাচতে বহু ৰাজ্য যেনে,কেৰালা,পাঞ্জাৱ,গুজৰাট,দিল্লী আৰু মহাৰাষ্ট্ৰই এই থেৰাপি আৰম্ভ কৰিছে ৷ ইয়াৰোপৰি, এই থেৰাপিৰ পৰা বহু ৰাজ্যই পজিটিভ ফলাফল পোৱা বুলিও জানিব পৰা গৈছে ৷ COVID-19 ৰোগীৰ বাবে কৰ্ণাটকেও প্লাজমা থেৰাপি আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ৷ ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন দেশে প্লাজমা থেৰাপিৰ পৰীক্ষণ আৰম্ভ কৰিছে ৷

এই থেৰাপিৰ প্ৰকৃতি আৰু ইয়াৰ ভাল-বেয়া দিশ সম্পৰ্কত ইটিভি ভাৰতে কেইবাজনো স্বাস্থ্য বিশেষজ্ঞৰ সৈতে আলোচনা কৰে ৷

Convalescent plasma therapy কি হয় আৰু ই কেনেদৰে ক্ৰিয়া কৰে ?

Max Healthcare ৰ ব্লাড বেংকৰ মুৰব্বী ডঃ সংগীতা পাঠকে কয়, Convalescent plasma therapy নতুন ধাৰণা নহয় আৰু অন্য ভাইৰাছৰ চিকিৎসাৰ বাবেও পূৰ্বে ইয়াৰ ব্যৱহাৰ হৈছে ৷ বৰ্তমান COVID-19ৰ চিকিৎসাৰ বাবে ইয়াৰ ব্যৱহাৰ কৰাৰ কথা চিকিৎসক সকলে চিন্তা কৰিছে ৷ Convalescent plasma therapy ত COVID-19ৰ পৰা আৰোগ্য হৈ উঠা ৰোগীৰ দেহৰ পৰা প্লাজমা সংগ্ৰহ কৰা হয় আৰু অন্য COVID-19 ৰোগীৰ দেহত এই প্লাজমা প্ৰৱেশ কৰোৱা হয় ৷ সামান্য আৰু গুৰুতৰ ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি এই প্লাজমা ৰোগীৰ দেহত প্ৰৱেশ কৰোৱা হয় ৷

Convalescent serum কেনেদৰে সংগ্ৰহ আৰু ইয়াৰ ব্যৱহাৰ কৰা হয় ?

এই প্লাজমা প্ৰদান কৰিবলগা COVID-19 আৰোগ্য ব্যক্তিগৰাকী 18 বছৰৰ পৰা 65 বছৰৰ ভিতৰৰ হোৱাৰ লগতে হিমগ্ল'বিন 12.5 ৰ উৰ্ধত হ'ব লাগিব ৷ ইয়াৰোপৰি,ব্যক্তিগৰাকী পুৰণা ৰোগত আক্ৰান্ত অথবা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা হ'ব লাগিব ৷ ইয়াৰোপৰি,কৰ'ণাৰ পৰা আৰোগ্য হোৱাৰ 14 দিন পাচত দুবাৰকৈ কৰ'ণা ভাইৰাছ নেগেটিভ হ'ব লাগিব ৷

প্লাজমা সংগ্ৰহৰ এই প্ৰণালীটোক ‘plasmapheresis’ বুলি কোৱা হয় কিয়নো ই কেৱল প্লাজমা সংগ্ৰহ কৰে ৷ Blood plasma হৈছে হালধীয়া তৰল ৷ এজন COVID -19 আৰোগ্য ব্যক্তিৰ পৰা 400 মিলিলিটাৰ প্লাজমা সংগ্ৰহ কৰা হয় ৷ এজন COVID-19 আক্ৰান্ত ৰোগীক 200 মিলিলিটাৰ তেজ প্ৰদান কৰা হয় ৷ COVID-19 আৰোগ্য ব্যক্তিৰ দেহত থকা এন্টিবডিয়ে আক্ৰান্ত ৰোগীৰ দেহত থকা ভাইৰাছক আক্ৰমণ কৰে ৷ 3-7 দিনৰ ভিতৰত ই দেহৰ ভিতৰত ক্ৰিয়া কৰে ৷

কৰ'ণা ভাইৰাছৰ ই এক সম্ভাৱ্য় চিকিৎসা হ'ব পাৰে নেকি ? ইয়াৰ কোনো সংকট আৰু লাভালাভ আছে নেকি ?

এয়া এক চমৎকাৰী চিকিৎসা নহয়,চিকিৎসকৰ দ্বাৰা আৰম্ভ কৰা এক প্ৰচেষ্টাহে ৷ এয়া অন্য ৰোগতো ব্যৱহাৰ কৰা হয় ৷ এয়া চিকিৎসকৰ দ্বাৰা ধাৰণা কৰিহে আৰম্ভ কৰা হৈছে ৷ ইয়াত কিছু সংখ্যক সংকটৰো সম্ভাৱনা আছে যেনে,এলাৰ্জী আৰু হাঁওফাঁও আদিত পানী জমা হোৱা আদি ৷ অৱশ্যে এই থেৰাপিয়ে বৰ্তমান কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সঠিকভাৱে কাম কৰি আছে ৷ কিন্তু, 100 শতাংশ গ্ৰহণযোগ্য হৈ উঠা নাই এই থেৰাপি ৷ অন্য দেশসমূহেও ইয়াৰ ওপৰত গৱেষণা কৰি আছে আৰু শীঘ্ৰেই ভাল ফলাফল লাভ কৰিব পৰা যাব ৷

লগতে চাওকঃ যোধপুৰৰ পৰা লেহলৈ প্ৰেৰণ ২০৫ গৰাকী বিদেশৰ পৰা অহা ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.