ETV Bharat / bharat

ভিডিঅ' শ্বেয়াৰ কৰি শক্তি প্ৰদৰ্শন পাইলটৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ

পৰ্যটন মন্ত্ৰী বিশ্বেন্দ্ৰ সিঙে ভিডিঅ'টো টুইট কৰি পৰিয়াল বুলি কেপছন দিয়ে ৷

Pilot-led Congress camp releases video of 16 MLAs sitting together
ভিডিঅ' শ্বেয়াৰ কৰি শক্তি প্ৰদৰ্শন পাইলটৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ
author img

By

Published : Jul 14, 2020, 12:16 PM IST

জয়পুৰ, 14 জুলাই : ৰাজস্থানত অব্যাহত আছে ক্ষমতা দখলৰ যুঁজ ৷ ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ নেতৃত্বাধীন কংগ্ৰেছ দলে নিজৰ শক্তি প্ৰদৰ্শন কৰি সোমবাৰে নিশা এটা ভিডিঅ' চেয়াৰ কৰে ৷ ভিডিঅ'টোত হাৰিয়ানাৰ মানেচৰস্থিত এখন ৰিৰ্জটত প্ৰায় 16 জন বিধায়কক বৈঠকত মিলিত হোৱা দেখা হৈছিল ৷ শচীন পাইলটে সোমবাৰে মাজনিশা নিজৰ ৱাটছ এপ গ্ৰুপত চেয়াৰ কৰে 10 ছেকেণ্ডৰ ভিডিঅ'টো ৷ ভিডিঅ'টোত ৰাজ্যখনৰ বিধায়ক ইন্দ্ৰৰাজ গুৰ্জাৰ, মুকেশ ভাকাৰ, হৰিশ মীনাক দেখা গৈছিল । বাকী বিধায়ক সকলক দেখা গৈছিল যদিও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ অৱশ্যে ভিডিঅ'টোত বিধায়কসকলৰ মাজত নাছিল উপমুখ্যমন্ত্ৰী শচীন পাইলটক ৷

পৰ্যটন মন্ত্ৰী বিশ্বেন্দ্ৰ সিঙে ভিডিঅ'টো টুইট কৰি পৰিয়াল বুলি কেপছন দিয়ে ৷ আনহাতে লাডুনৰ বিধায়ক মুকেশ ভাকৰে ভিডিঅ'টো টুইট কৰি কয় যে কংগ্ৰেছত বিশ্বাসযোগ্য মানে অশোক গেহলটৰ দাসত্ব ৷ ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰো ৷

উল্লেখ্য যে, 2018 চনৰ নিৰ্বাচনত জয়লাভ কৰা শক্তিশালী কংগ্ৰেছ নেতা শচীন পাইলট মুখ্যমন্ত্ৰীৰ পদৰ অন্যতম দাবীদাৰ আছিল ৷ কিন্তু পাইলটক উপমুখ্যমন্ত্ৰীৰ পদহে অৰ্পণ কৰে কংগ্ৰেছ দলে ৷ দলৰ এই সিদ্ধান্তত কংগ্ৰেছ নেতাগৰাকী অসন্তুষ্ট হৈ পৰা বুলিও একাংশ সূত্ৰই প্ৰকাশ কৰে ৷ বৰ্তমান ৰাজস্থানৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুবিধা লৈ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি গুজৱ ওলোৱা মাজতে তেওঁৰ একাংশ ঘনিষ্ঠ সূত্ৰই তেওঁ বিজেপিত যোগদান কৰাৰ কথা অস্বীকাৰ কৰে ৷ ইয়াৰ মাজতে দেওবাৰে শচীন পাইলটে 30 জন কংগ্ৰেছ আৰু কেইজনমান নিৰ্দলীয় বিধায়কে সমৰ্থন কৰাৰ দাবী কৰে ৷

লগতে পঢ়ক : COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.