নিউজ ডেস্ক, 13 জুনঃ মানৱ সভ্যতাক কলংকিত কৰি যোৱা এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে উত্তৰ পূৱৰ ৰাজ্য ত্ৰিপুৰাত । শাৰীৰিক প্ৰতিবন্ধকতা থকা বিশেষভাৱে সক্ষম এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে ৰাজ্যখনত । কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে,এই পাশৱিক কাণ্ড সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত হৈছে দুৰ্ভগীয়া নাবালিকা গৰাকীৰ নিজ পিতৃ । উত্তৰ ত্ৰিপুৰা জিলাৰ লালচেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ।
মঙলবাৰে মাতৃ ঘৰত নথকা অৱস্থাত 14 বছৰীয়া কন্যা গৰাকী অকলে ঘৰত আছিল । তেনে সময়তে সংঘটিত হৈছিল এই ঘটনা । পাচত মাতৃ ঘৰলৈ উভতি আহি ঘটনাৰ বিষয়ে জানিব পাৰি থানাত তেওঁ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এই কথা অৱগত কৰে কদমতলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণনন্দন চৰকাৰে ।
এজাহাৰৰ ভিত্তিত ইতিমধ্য়ে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰা হৈছে আৰু POSCO আইনৰ অধীনত এক গোচৰো ৰুজু কৰা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে চাওকঃ তেলেংগানাৰ গান্ধী হাস্পতালৰ চিকিৎসৰ প্ৰতিবাদত গুৰুত্ব দিবলৈ আহ্বান বিজেপিৰ মুখপাত্ৰৰ