ETV Bharat / bharat

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কি প্ৰভাৱ পৰিব 'আম্ফানৰ' ? - উত্তৰ-পূৰ্বাঞ্চল

পশ্চিমবংগ তথা ওড়িশালৈ ইতিমধ্যে এনডিআৰএফৰ ১৭টা কৈ দল প্ৰেৰণ কৰা হৈছে ৷ ইপিনে 'COVID19 আৰু আম্ফান' দুয়োটাৰ বিৰুদ্ধে যুঁজিবলৈ এনডিআৰএফৰ 37 টাকৈ দল সাজু বুলিও উল্লেখ কৰিছে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰাধিকৰণ বিভাগে ৷

people of northeast afraid of cyclone amfan
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰভাৱ পৰিবনে 'আম্ফানৰ'?
author img

By

Published : May 18, 2020, 9:03 PM IST

আজাৰা,18মে': ইটোৰ পিছত আনটো আতংকত দেশবাসী ৷ কৰ'ণা ভাইৰাছৰ সমান্তৰালভাৱে দেশত এতিয়া 'আম্ফান'ৰ আতংক ৷ কাৰণ, বংগোপসাগৰেৰে আহি আছে 'আম্ফান' নামৰ ঘূৰ্ণী বতাহ ৷ দ্ৰুত গতিত অহা ঘূৰ্ণী বতাহ আম্ফানে ওড়িশা হৈ প্ৰৱেশ কৰি স্পৰ্শ কৰিব পশ্চিমবংগ আৰু বাংলাদেশক ৷ ইয়াৰ লগতে সাগৰীয় উপত্যকাত আম্ফানে ল'ব সংহাৰী ৰূপ ৷ সাগৰৰ ওপৰত থকা এই ঘূৰ্ণী বতাহৰ গতি প্ৰতি ঘণ্টাত 210ৰ পৰা 230 কি:মি: ৷ ইপিনে এই ঘূৰ্ণী বতাহৰ ফলত আজিৰে পৰা ওড়িশা, পশ্চিমবংগ, বাংলাদেশত অব্যাহত থাকিব বৰষুণ ৷ এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ লগতে জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ গতি হ্ৰাস পাব যদিও বিভিন্ন এলেকাক চুই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

people of northeast afraid of cyclone amfan
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰভাৱ পৰিবনে 'আম্ফানৰ'?

জানিব পৰা মতে, 'আম্ফান'ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাত মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰ ৷ কেৰালাত ৰাজ্যখনৰ 13 খনকৈ সাগৰীয় উপকূলৰ কাষৰ জিলাক সতৰ্ক হ'বৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ উপৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (IMD) উপকূলীয় অঞ্চলসমূহত জাৰি কৰিছে সতৰ্কতা ৷ উল্লেখযোগ্য যে, পশ্চিমবংগ তথা ওড়িশালৈ ইতিমধ্যে এনডিআৰএফৰ ১৭টা কৈ দল প্ৰেৰণ কৰা হৈছে ৷ ইপিনে 'COVID-19' আৰু আম্ফান' দুয়োটাৰ বিৰুদ্ধে যুঁজিবলৈ এনডিআৰএফৰ 37 টাকৈ দল সাজু বুলিও উল্লেখ কৰিছে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰাধিকৰণ বিভাগে ৷

কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰভাৱ পৰিবনে 'আম্ফানৰ'? এই সংক্ৰান্তত বৰ্তমানেও কোনোধৰণৰ জাননী জাৰি কৰা নাই যদিও অসম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰাত আগন্তুক ২৪ ঘন্টাৰ ভিতৰত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ উল্লেখযোগ্য যে,যদিওবা এই ঘূৰ্ণী বতাহে উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেনেহ'লে ইয়াৰ গতি যথেষ্ট হ্ৰাস পাব বুলি সদৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়কঃদিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.