ETV Bharat / bharat

ভূপালৰ পদপথত কাপোৰ, জুতাৰ দ'ম ! কিন্তু কিয় ?

author img

By

Published : May 17, 2020, 10:38 AM IST

লক্ ডাউনৰ মাজতেই ভূপাল-গান্ধীনগৰ বাইপাছ ৰোডৰে পাৰ হৈ যোৱা প্ৰৱাসী শ্ৰমিকৰ বাবে সহায়ৰ হাত একাংশৰ । পদপথত ৰাখি থোৱা হৈছে জোতা, চেণ্ডেল কাপোৰকে ধৰি বহু প্ৰয়োজনীয় সামগ্ৰী ।

ভূপাল-গান্ধীনগৰ বাইপাছ ৰোড
ভূপালৰ পদপথত কাপোৰ, জুতাৰ দ'ম ! কিন্তু কিয় ?

ভূপাল, ১৭ মে': ভূপাল মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে একাংশই । ভূপাল-গান্ধীনগৰ বাইপাছ ৰোডৰ পদপথত ৰাখি থোৱা হৈছে জোতা, চেণ্ডেল, কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী । আচলতে, এই পথেৰে পাৰ হৈ যোৱা প্ৰৱাসী শ্ৰমিকক দিয়াৰ উদ্দেশ্যেই ৰাখি থোৱা হৈছে এই সামগ্ৰীসমূহ ।

উল্লেখ্য যে, লক্ ডাউনৰ মাজত বৃহৎ সংখ্য়ক শ্ৰমিক এই পথৰেই মহাৰাষ্ট্ৰৰ পৰা নিজ-নিজ গৃহ উত্তৰ প্ৰদেশ, বিহাৰলৈ বুলি প্ৰতি দিনাই পথৰে অহা যোৱা কৰি আছে । ইয়াৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰয়োজন অনুসৰি সামগ্ৰীসমূহ বাছি ল'বলৈ এনেদৰে ৰাখি থোৱা হৈছে ।

এটা দলে এই প্ৰৱাসী শ্ৰমিকসকলক খাদ্য আৰু পানীৰ যোগানো প্ৰদান কৰি আহিছে । এই দলৰে এজন স্বেচ্ছাসেৱী আব্দুল ৰহমান জানিবলৈ দিয়ে যে, এই সকলোবোৰ ব্যৱস্থা জামাত-ই-ইছলামৰ তৰফৰ পৰা কৰা হৈছে । পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ প্ৰত্যক দিনাই এই পথৰে পাৰ হৈ যোৱা শ্ৰমিক সকলক খাদ্যৰ যোগান ধৰা হয় । ১৫-২০ জনীয়া এটা দল নিজৰ নিজৰ সময় অনুসৰি আহি খাদ্যৰ যোগান ধৰে । প্ৰত্যেক দিনাই প্ৰায় ১৫-২০ হাজাৰ লোকক খাদ্যৰ যোগান ধৰা হয় বুলি জানিবলৈ দিয়ে ৰহমানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.