ETV Bharat / bharat

ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত আগন্তুক তিনিমাহলৈ ৰেচন পাব ৰাইজে

author img

By

Published : Apr 14, 2020, 3:38 PM IST

দেশৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাছোৱানে সোমবাৰে নিজৰ কাৰ্যালয়ত যোগদান কৰে ৷ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনলৈ অহা ব্যক্তিসকলে আগন্তুক তিনি মাহৰ বাবে সম্পূৰ্ণ ৰেচন লাভ কৰিব বুলি মন্তব্য কৰে ৷

কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

নিউজ ডেস্ক, 14 এপ্ৰিলঃ কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাছোৱানে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য, ৰাজহুৱা যোগান মন্ত্ৰীৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷ ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড-19ৰ লকডাউনৰ সময়ত ৰাজ্যিক পৰ্যায়ত এক ''micro-level plan''ৰ সৈতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত উচিত মূল্য বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ দ্বাৰা ৰাজ্যসমূহক এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিয়া হৈছে ৷

ৰবি শস্যৰ সময়ছোৱাত 15 এপ্ৰিলৰ পৰা 2020-21 বৰ্ষৰ বাবে ঘেহু সংগ্ৰহৰ কাম কৰিবলৈ সকলো ব্যৱস্থা ঠিক-ঠাক কৰি ল’বলৈ ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাৰী কৰা সামাজিক দুৰত্বৰ নিয়মসমূহ স্পষ্টভাৱে পালন কৰিবলৈ কয় ৰামবিলাস পাছোৱানে ৷ শ্ৰমিকৰ সংখ্যা হ্ৰাস নহ’বলৈ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কৰ্মৰত সকলো কৰ্মীৰ বাবে নিৰ্ধাৰিত সূচী তৈয়াৰ কৰি ল’বলৈ আহ্বান জনাইছে ৷

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্ধাৰিত পৰিমানৰ খাদ্যসামগ্ৰী মজুত ৰাখিবলৈ কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী তিনি মাহৰ বাবে এই আঁচনিৰ অধীনত প্ৰত্যকগৰাকী ব্যক্তিকে খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.