ETV Bharat / bharat

পিডিপি নেতা নইম আখটাৰ অসুস্থ - পিডিপি

প্ৰায় ২০ দিন ধৰি বিধায়ক আৱাসত নজৰবন্দী হৈ থকা পিডিপি নেতা নইম আখটাৰ হঠাৎ অসুস্থ হৈ পৰাত তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত । ২১ ডিচেম্বৰত নইম আখটাৰসহ কেইবাগৰাকী পিডিপি নেতাক আটক কৰিছিল জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে ।

পিডিপি নেতা নইম আখটাৰ অসুস্থ
পিডিপি নেতা নইম আখটাৰ অসুস্থ
author img

By

Published : Jan 14, 2021, 4:59 PM IST

নিউজ ডেস্ক , ১৪ জানুৱাৰী : বৃহস্পতিবাৰে হঠা অসুস্থ হৈ পৰে কেইবাদিনো ধৰি নজৰবন্দী হৈ থকা চিনিয়ৰ পিপলছ ডেমোক্ৰেটিক পাৰ্টি ( পিডিপি)ৰ জ্য়েষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নাইম আখটাৰ । প্ৰায় ২০ দিন ধৰি বিধায়ক আৱাসত গৃহবন্দী কৰি ৰখা নেতাজন অচেতন হৈ পৰাত লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় ।

পিডিপি দলৰ মুখপাত্ৰ নাজমু ছাকিবে ইটিভি ভাৰতক জনোৱা মতে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত খাইবাৰ হাস্পতালত ভৰ্তি কৰোৱা হয় নেতাগৰাকীক । তেওঁৰ স্বাস্থ্য় সম্প্ৰতি পূৰ্বতকৈ ভাল যদিও বৰ্তমান হাস্পতালতে ৰখা হ'ব বুলিও ক'লে মুখপাত্ৰ গৰাকীয়ে । ইফালে অসুস্থ নেতা গৰাকীৰ জীয়ৰীয়ে টুইটত উল্লেখ কৰা মতে হাস্পতালত লৈ যোৱাৰ পূৰ্বে নেতাজন ৪০ মিনিট সময় অচেতন অৱস্থাত পৰি আছিল ।

উল্লেখ যে জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ২১ ডিচেম্বৰত প্ৰশাসনে নইম আখটাৰ, সতৰাজ মদনী আৰু মনছুৰ হুছেইনসহ পিডিপি নেতাসকলক আটক কৰিছিল । আৰু তেতিয়াৰ পৰা নজৰবন্দী কৰি ৰখা হৈছে নেতাসকলক ।

লগতে পঢ়ক : মন্ত্ৰী শ্ৰীপদ নায়কৰ স্বাস্থ্য় পূৰ্বতকৈ সুস্থিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.