নিউজ ডেস্ক, 12 আগষ্টঃ মুম্বাইৰ আগশাৰীৰ হোটেল ফ'ৰ ছিজনছ হোটেলে এগৰাকী গ্ৰাহকক দিয়ে সৰ্বমুঠ 6938.40 টকাৰ এখন বিল ৷ বিলখনৰ কথা শুনিলে এয়া সাধাৰণ যেনেই লাগিব কিয়নো আগশাৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত এনেকুৱা বিল তেনেই সাধাৰণ ৷ কিন্তু ভবাৰ দৰেই নহয় বিলখনৰ প্ৰকৃতি, কিয়নো এইখন এখন সাধাৰণ বিল নহয় ৷ বিলখনত সৰ্বমুঠ 9 বিধ খাদ্যসামগ্ৰীৰ মূল্য খোদিত আছিল আৰু খাদ্যসামগ্ৰীৰ ভিতৰত আছিল সিজোৱা কণী, অমলেট, ক'ক আৰু অন্যান্য খাদ্য-সামগ্ৰী ৷ কাৰ্তিক ধাৰ নামৰ গ্ৰাহকগৰাকীয়ে লাভ কৰা বিলখনত অন্যান্য খাদ্যৰ বাবে 5100 টকা লিখা আছিল যদিও অমলেট আৰু সিজোৱা কণীৰ বাবদ বিল আহিছিল ক্ৰমে 850 টকাকৈ সৰ্বমুঠ 1700 টকা ৷ আচৰিত যেন লাগিলেও এয়াই সত্য যে, গ্ৰাহকজনে দুটাকৈ সিজোৱা কণী আৰু দুটাকৈ অমলেটৰ বাবে ক্ৰমে 1700কৈ টকা দিবলগা হয় ৷
-
2 eggs for Rs 1700 at the @FourSeasons Mumbai. @RahulBose1 Bhai Aandolan karein? pic.twitter.com/hKCh0WwGcy
— Kartik Dhar (@KartikDhar) August 10, 2019 " class="align-text-top noRightClick twitterSection" data="
">2 eggs for Rs 1700 at the @FourSeasons Mumbai. @RahulBose1 Bhai Aandolan karein? pic.twitter.com/hKCh0WwGcy
— Kartik Dhar (@KartikDhar) August 10, 20192 eggs for Rs 1700 at the @FourSeasons Mumbai. @RahulBose1 Bhai Aandolan karein? pic.twitter.com/hKCh0WwGcy
— Kartik Dhar (@KartikDhar) August 10, 2019
উল্লেখ্য যে, কিছুদিন পূৰ্বে অভিনেতা ৰাহুল বোসে চণ্ডীগড়ৰ এখন হোটেলত দুটা কলৰ বাবে 442 টকাৰ বিল ভৰিব লগা হৈছিল ৷ ইয়াৰ পিচতে ফেডাৰেশ্বন অৱ হোটেল এণ্ড ৰেষ্টুৰেন্ট এছ'শ্বিয়েছন অৱ ইণ্ডিয়া (Federation of Hotel and Restaurant Associations of India) অতিৰিক্ত দামৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ৷ কিন্তু পুনৰ একেই ঘটনাই পুনৰাবৃত্তি হয় মুম্বাইৰ হোটেলত ৷ কিন্তু এইদৰেই বৃহৎ বৃহৎ পূঁজিপতিৰ দ্বাৰা পৰিচালিত উদ্যোগসমূহে সাধাৰণ গ্ৰাহকৰ পৰা লুটি আছে ধন ৷ এয়াই হৈছে বৰ্তমান সময়ত তথাকথিত আধুনিকতাৰ একমাত্ৰ স্বৰূপ ৷