নিউজ ডেস্ক, ৩০ জুন : যোগগুৰু বাবা ৰামদেবে কোভিড-১৯ ৰ চিকিৎসাৰ বাবে কৰ'নিল নামৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ পিচতে আয়ুস মন্ত্ৰালয়ৰ ফালৰ পৰা ঔষধৰ প্ৰচাৰ আৰু বিজ্ঞাপন বন্ধ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল । লগতে ঔষধ প্ৰস্তুত কৰাৰ সকলো নীতি-নিয়মৰ লগতে দস্তাবেজ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল । উক্ত নিৰ্দেশনাৰ পিচতে পতঞ্জলীয়ে বৰ্তমান কথা সলাই কৰ'নিলে ইউমিনিটি বঢ়োৱাৰ কামহে কৰিব, কোভিড-১৯ ৰ ঔষধ নহয় বুলি স্পষ্টীকৰণ দিয়ে ।
আচাৰ্য বাল কৃষ্ণই জনোৱা অনুসৰি, আমাৰ কোম্পানীয়ে কোনো ধৰণৰ কোভিড-১৯ ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী তোলা নাই । আমি ইউমিনিটি বঢ়োৱাৰ অনুজ্ঞাপত্ৰহে পাইছো । গতিকে প্ৰস্তুত কৰা কৰ'নিলে নাগৰিকৰ ইউমিনিটি বঢ়াব বুলিহে উল্লেখ কৰে । লগতে তেওঁ পুনৰ জনাই যে, এয়া আমাৰ Three Covid 19 at Goreswar নষ্ট কৰাৰ চেষ্টা । আমি এই কৰ'নিলক পুনৰ পৰীক্ষা কৰাৰ বাবে সাজু ।
আনহাতে, এই বিষয়ৰ প্ৰতিক্ৰীয়া ব্যক্ত কৰি উত্তৰাখণ্ডৰ আয়ুৰ্বেদিক বিভাগৰ অনুজ্ঞাপত্ৰ বিষয়া বাই এছ ৰাৱতে জনাই যে, পতঞ্জলীয়ে কৰ'নিলৰ পেকেটৰ ওপৰত কৰ'ণা ভাইৰাছৰ ফটো লগাইছিল । লগতে তেওঁ কয় যে, আমি জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত পতঞ্জলীয়ে জনাই যে, আমি কোনো ধৰণৰ কৰ'ণা সক্ৰমণৰ ঔষধ বা পি পি কীট প্ৰস্তুত কৰা নাই । বিষয়া গৰাকীয়ে কৰ'নিলৰ লগতে আৰু দুবিধ ঔষধ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, ২৪ জুনত আয়ুস মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ বাতৰিৰ পিচতে কৰ'নিল সম্পৰ্কত পতঞ্জলীলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল । ইতিমধ্যে, ৰাজস্থান আৰক্ষীয়ে ৰামদেবৰ লগতে চাৰি গৰাকী বিষয়াৰ বিৰুদ্ধে কোভিড-১৯ প্ৰতিৰোধৰ বাবে নকলি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি বিক্ৰী কৰাৰ অপৰাধত গোচৰ ৰুজু কৰিছে ।