ETV Bharat / bharat

মুম্বাইত সাতমহলীয়া অট্টালিকা খহি আবদ্ধ এগৰাকী লোক

author img

By

Published : Sep 2, 2020, 1:55 PM IST

মুম্বাইৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰোডৰ ডংগৰী অঞ্চলত পুৱা ৭.৩০ বজাৰ ভিতৰত এটা সাত মহলীয়া অট্টালিকা খহি পৰাৰ ফলত এগৰাকী লোক আবদ্ধ হৈ পৰে এগৰাকী মহিলা । উদ্ধাৰ অভিযান অব্যাহত আছে ।

খহি পৰা অট্টালিকাটোত উদ্ধাৰ অভিযান অব্যাহত

নেশ্যনেল ডেস্ক, ২ ছেপ্তেম্বৰঃ বুধবাৰে পুৱাৰ ভাগত মুম্বাইৰ আৱাসিক এলেকাৰ এটা আঠমহলীয়া অট্টালিকাৰ পিছফালৰ অংশ হঠাত খহি পৰাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হয় । জানিব পৰা অনুসৰি, অট্টালিকাটো খহি পৰাৰ ফলত অট্টালিকাটোৰ ভিতৰত থকা এগৰাকী মহিলা চিৰিৰ খটখটীৰ তলত আবদ্ধ হৈ পৰে । এই কথা জনায় মুম্বাই চৰকাৰৰ এজন বিষয়াই ।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে এট্টালিকাটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনী,মুম্বাই আৰক্ষীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ।

এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰোডৰ ডংগৰী অঞ্চলত । পুৱা ৭.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । আঠমহলীয়া অট্টালিকাটোৰ পিছফালৰ তৃতীয় মহলা আৰু সপ্তম মহলাৰ মাজৰ অংশ হঠাত ভাগি পৰে । এই কথা জানিবলৈ দিয়ে এগৰাকী বিষয়াই ।

আনহাতে অট্টালিকাটোত খটখটীৰ তলত আবদ্ধ হৈ থকা মহিলাগৰাকীক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।

ইফালে পুৱাৰ ভাগত আন এটা ১০ বছৰ পুৰণি চাৰিমহলীয়া অট্টালিকা খহি পৰে মুম্বাইৰ নালাছপাৰা আৱাসিক এলেকাত । এই ঘটনাত অৱশ্যে অট্টালিকাটোত থকা চাৰিটা পৰিয়ালক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় প্ৰশাসন । এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই । উল্লেখ্য যে, অট্টালিকাটো খহি পৰাৰ সময়ত তাত থকা পৰিয়ালকেইটা অট্টালিকাটোত নাছিল যদিও তেওঁলোকৰ সা সম্পত্তি সমূহ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰে । অৱশ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপ বাহিনীৰ ২০ জনীয়া এটা দল উপস্থিত হৈ ধ্বংসস্তুপৰ তলৰ পৰা সামগ্ৰী সমূহ উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে চাওকঃ চলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.