ETV Bharat / bharat

আজৱ: গালি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল এটা ভাটৌৰ বিৰুদ্ধে - ভাটৌ

ঘৰৰ কাষেৰেই কোনো লোক পাৰ হৈ গ'লে গালি দিয়া এটা ভাটৌ চৰাই ৷ সেই চৰাইটোৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছিল আৰক্ষী চকীত ৷ কিন্তু ক'ত সংঘটিত হৈছিল এই ঘটনা ? জানিবলৈ চাওক এই প্ৰতিবেদন...

গালি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল এটা ভাটৌৰ বিৰুদ্ধে

author img

By

Published : Jul 26, 2020, 10:48 PM IST

নেশ্যনেল ডেস্ক, 26 জুলাই: কাষেৰে পাৰ হ'লেই গালি গালাজ কৰে এগৰাকী মহিলাক ৷ তাৰ পাচত এই অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছিল এটা ভাটৌ চৰাইক ৷ আচৰিত নহ'ব ! এইয়া কোনো সাধু কথা নহয় ৷ এনে ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত ৷

হাৰিয়াল নামৰ এটা ভাটৌৰ আছিল এনে বদভ্যাস ৷ জনাবাঈ নামৰ মহিলা গৰাকীৰ সৎ পুত্ৰ সুৰেশ ৷ তেওঁৰ ঘৰতেই আছিল ভাটৌ চৰাইটো ৷ সুৰেশৰ ঘৰৰ কাষেৰে যেতিয়াই কোনো লোক পাৰ হৈ গৈছিল তেতিয়াই গালি দিছিল হাৰিয়াল নামৰ ভাটৌটোৱে ৷ এদিন দুদিন নহয় ৷ দুবছৰ ধৰি এনেদৰেই চলিছিল হাৰিয়ালৰ বদভ্যাস ৷ ঘৰৰ কাষেৰে কোনো লোক গ'লেই অশ্লীল ভাষাৰে গালি দিছিল হাৰিয়ালে ৷ কিন্তু এনেদৰেই সদায় দিন অতিবাহিত হ'ব জানো ? জনাবাঈয়ে পৰৱৰ্তী সময়ত সেই ভাটৌটো বিৰুদ্ধে আৰক্ষী চকীত দাখিল কৰিলে এখন এজাহাৰ ৷

প্ৰথমাৱস্থাত আৰক্ষীৰ বাবেও এই অভিযোগ আছিল হাস্যকৰ ৷ অৱশ্যে জনাবাঈৰ অভিযোগ গ্ৰহণ কৰে আৰক্ষীয়ে ৷ তাৰ পাচত বহু গুৰুত্ব প্ৰদান কৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷

তদন্তৰ পাচত জানিব পৰা যায় যে, জনাবাঈ আৰু তেওঁৰ সৎ পুত্ৰ মাজত হৈছিল ভূমি বিবাদ ৷ আৰক্ষীৰ সন্দেহ সুৰেশে জনাবাঈক লৈ কৰিছিল কটুক্তি ৷ তাৰ পাচৰ পৰাই হাৰিয়ালে শিকিছিল অশ্লীল গালি গালাজ ৷

পৰৱৰ্তী সময়ত ভাটৌটোত আৰক্ষী চকীলৈ নিয়া হয় ৷ কিন্তু তেতিয়া এটাও বেয়া শব্দ উচ্চাৰণ নকৰিলে হাৰিয়ালে ৷ কিন্তু তাৰ পাচতো সকলো দোষ জাপি দিয়া হয় হাৰিয়ালক ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাৰিয়ালক ৷ অৱশ্যে পৰৱৰ্তী সময়ত চৰাইটোক বন বিভাগৰ হাতত গতাই দি মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: আজৱ: এজোপা গছেৰেই সৃষ্টি এখন অৰণ্য সদৃশ উদ্যানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.