ETV Bharat / bharat

আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

author img

By

Published : Nov 18, 2019, 12:01 PM IST

সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তদশ লোকসভাৰ শীতকালীন অধিৱেশন ৷ লোকসভা অধিৱেশনৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হ'ব 250 সংখ্যক ৰাজ্যসভাৰ অধিৱেশন ৷

সপ্তদশ লোকসভাৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক, 18 নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তদশ লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহবান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে শীতকালীন অধিৱেশনতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব ৷

মুখ্যতঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, কৰ্মসংস্থাপনৰ অভাৱ, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত সদন উত্তাল হোৱাৰ সম্ভাৱনা ৷ লোকসভা অধিৱেশনৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হৈছে 250 সংখ্যক ৰাজ্যসভাৰ অধিৱেশন ৷ 18 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ চলিবগীয়া ৰাজ্যসভাৰ কাৰ্যক্ৰমনিকাত সৰ্বমুঠ 20 বাৰকৈ বৈঠক অনুষ্ঠিত হ'ব ৷

দেওবাৰৰ সৰ্বদলীয় বৈঠক

লোকসভা অধিৱেশনৰ পূৰ্বে দেওবাৰে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নতুনদিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত থাকে প্ৰত্যেকটো বিৰোধী দলৰ নেতৃত্ব ৷

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ৰাজ্যসভাৰ 250 সংখ্যক অধিৱেশন উপলক্ষে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ভাৰতীয় সংসদীয় ব্যৱস্থা আৰু ভাৰতীয় সংবিধানৰ শক্তিক এই অধিৱেশনৰ জৰিয়তে তুলি ধৰাৰ প্ৰয়াস কৰা হ'ব ৷

লগতে পঢ়কঃ ETV BHARAT Exclusive: ঐতিহাসিক দিবা-নৈশ টেষ্ট পূৰ্বে সৌৰভ গাংগুলীৰ সৈতে সাক্ষাৎকাৰ

এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপন তথা গৃহীত হ'বলগীয়া অন্যতম কিছু গুৰুত্বপূৰ্ণ বিধেয়ক হ'ল ক্ৰমে -

- নাগৰিকত্ব সংশোধনী বিধেয়ক 2019
- ব্যক্তিগত তথ্য সংৰক্ষণ বিধেয়ক 2019
- অস্ত্ৰ বিধেয়ক 2019
- কীটনাশক পৰিচালনা বিধেয়ক 2019, ইত্যাদি

এইবাৰৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত কৰাৰ চেষ্টা চলাব ৷ 1955 চনৰ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আফগানিস্তান, বাংলাদেশ, আৰু পাকিস্তানত প্ৰতাৰিত হিন্দু, শিখ, বৌদ্ধ, জৈন সকলক প্ৰদান কৰা হ'ব নাগৰিকত্ব ৷ বিগত কাৰ্যকালতে বিজেপি-এন ডি এ চৰকাৰে বিধেয়কখন উত্থাপন কৰিছিল যদিও বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম নহ'ল ৷ বিধেয়কখনক লৈ ইতিমধ্যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছিল ৷

Intro:Body:

PARLIAMENT

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.