নিউজ ডেস্ক, ১১ জুনঃ ভাৰতীয় বুৰঞ্জীবিদ তথা অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহক সমালোচনা বলীউডৰ বলিষ্ঠ অভিনেতা পৰেশ ৰাৱলৰ। বুৰঞ্জীবিদগৰাকীয়ে টুইটাৰযোগে গুজৰাট সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰে অভিনেতাগৰাকীয়ে।
উল্লেখ্য যে, ৰামচন্দ্ৰ গুহই,"গুজৰাট যদিও অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়া,কিন্তু সাংস্কৃতিকভাৱে পাছপৰা ৰাজ্য। তুলনামূলকভাৱে পশ্চিমবংগ অৰ্থনৈতিক ক্ষেত্ৰত পাছপৰা যদিও সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া" বুলি ১৯৩৯ চনত ফিটিপ স্প্ৰেট নামৰ এগৰাকী ব্ৰিটিছ লেখক তথা বুদ্ধিজীৱিয়ে কৰা মন্তব্যক লৈ টুইট কৰিছিল। ইয়াৰ পাছতে বুৰঞ্জীবিদগৰাকীৰ এই টুইটক লৈ সৰৱ হৈ পৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী,পৰেশ ৰাৱলৰ লগতে বহু সংখ্যক লোক।
-
https://t.co/wDva5ABpZI After distorting History books Gutless Guha opens up a new avenue of Gujarati/Bengali !looks like he is getting a free ride on somebody’s Tail ...! This Chuha Guha is not tired of being punchline of everyone’s jokes !@Ram_Guha
— Paresh Rawal (@SirPareshRawal) June 11, 2020 " class="align-text-top noRightClick twitterSection" data="
">https://t.co/wDva5ABpZI After distorting History books Gutless Guha opens up a new avenue of Gujarati/Bengali !looks like he is getting a free ride on somebody’s Tail ...! This Chuha Guha is not tired of being punchline of everyone’s jokes !@Ram_Guha
— Paresh Rawal (@SirPareshRawal) June 11, 2020https://t.co/wDva5ABpZI After distorting History books Gutless Guha opens up a new avenue of Gujarati/Bengali !looks like he is getting a free ride on somebody’s Tail ...! This Chuha Guha is not tired of being punchline of everyone’s jokes !@Ram_Guha
— Paresh Rawal (@SirPareshRawal) June 11, 2020
বুৰঞ্জীবিদ তথা অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহাৰ এই টুইটৰ পাছতে অভিনেতা পৰেশ ৰাৱলে তেখেতক 'চুহা গুহা' বুলি অভিহিত কৰে। 'হেৰা ফেৰী'ৰ অভিনেতাগৰাকীয়ে "বুৰঞ্জীৰ কিতাপসমূহক বিকৃত কৰাৰ পাছত,গুটলেচ গুহই গুজৰাটী/বঙালীৰ মাজত এটা নতুন দিশৰ সূচনা কৰিছে। এই দেখি এনে লাগে যেন কোনোৱাই বিনামুলীয়াকৈ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিছে। এইজন চুহা গুহাই সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ ক্লান্ত হোৱা নাই।" বুলি টুইটাৰযোগে মন্তব্য প্ৰকাশ কৰে।
লগতে চাওকঃ অইল ইণ্ডিয়াৰ হেমাহিৰ বাবেই সংঘটিত হ'ল বাঘজান কাণ্ড : অসম নাগৰিক সমাজ