ETV Bharat / bharat

পাপ্পু যাদৱ—বিহাৰৰ ৰবিনহুড - বিহাৰৰ ৰবিনহুড

পাপ্পু যাদৱ—বিহাৰৰ ৰবিনহুড— এক অনাকাংক্ষিত মিছাইল, তেওঁ নিতিশ কুমাৰকহে আটাইতকৈ ডাঙৰ ‘ভোটকাটুৱা’ বুলি অভিহিত কৰিছে ৷

পাপ্পু যাদৱ—বিহাৰৰ ৰবিনহুড
পাপ্পু যাদৱ—বিহাৰৰ ৰবিনহুড
author img

By

Published : Oct 8, 2020, 6:40 AM IST

নিউজ ডেস্ক, ৭ অক্টোবৰ : বহু দিনৰ আগেয়ে পাপ্পু য়াদৱে এবাৰ কৈছিল যে তেওঁ যদি ৰাজনীতিবিদ নহ’লহেতেন তেনেহ’লে তেওঁ এজন সামাজকৰ্মী হ’লহেতেন ৷ কিন্তু দূৰ্ভাগ্যজনকভাৱে তেওঁ ৰাজনীতিত সোমাব লগা হ’ল ৷ কিন্তু তৎস্বত্বেও তেওঁ নিজৰ সামাজিক কৰ্মৰাজী কৰি গৈ আছে ৷ যি নহওক তেওঁ নিজকে এক অপ্ৰত্যাশিত মিছাইল বুলি অভিহিত কৰিছে, যি যিকোনো দিশতে গৈ অৱতৰণ কৰিব পাৰে ৷

এক জমিদাৰী পৰিয়ালৰ সদস্য তথা জন অধিকাৰ দলৰ (জে এ পি) সভাপতি জনে আজি ই টিভিৰ সৈতে হোৱা এক আঁচুতীয়া সাক্ষাৎকাৰত কয় যে জনসাধাৰণে তেওঁক এজন দিশা নিৰ্দেশহীন তথা অনাকাংক্ষিত মিছাইল বুলি অভিহিত কৰা বিষয়টোক সজ্ঞানেৰেই গ্ৰহণ কৰে আৰু তেওঁ ইয়াক লৈ গৌৰান্বিতহেৱ ৷

পাপ্পু যাদৱৰ সৈতে বিশেষ সাক্ষাৎকাৰ

যি নহওক তেওঁ, নিজকে অনাকাংক্ষিত মিছাইল বুলি আখ্যায়িত কৰা এই দাবীৰ সপক্ষে এক সন্তুোষজনক যুক্তি দিয়াৰ বিপৰীতে এই কথাতহে জোৰ দিলে যে যুৱকসকলে অপ্ৰত্যাশিত মিছাইল ভাল পাই আৰু সেয়ে তেওঁ বিহাৰৰ যুৱকসকলৰ আইকন হৈ পৰিছে ৷ আমোদজনক কথাটো হ’ল, বিভিন্ন উপলক্ষত তেওঁ তেজস্বীনি প্ৰসাদ য়াদৱৰ দৰে যুৱ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷

যেতিয়া তেওঁ আৰ জে ডি দলত আছিল, বিভিন্ন বিষয়ত পাপ্পু য়াদৱে বিভিন্ন উপলক্ষত লালু প্ৰসাদৰ বিৰুদ্ধে থিয় দিছিল আৰু দলটোৰ বিৰুদ্ধে সৰৱ হৈছিল ৷ আনকি তেওঁ এবাৰ এই কথাও ঘোষণা কৰিছিল যে তেওঁ দলৰ ভিতৰত লালু প্ৰসাদৰ বাহিৰে আন কোনো নেতাকে গুৰুত্ব নিদিয়ে ৷

অকল লালুৱেই নহয়, পঞ্চমবাৰৰ বাবে সাংসদ হিচাওে নিৰ্বাচিত হোৱা আৰু এটা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা পাপ্পু য়াদৱক বিহাৰৰ সৰহসংখ্যক নেতাৰ বিৰুদ্ধেই যথেষ্ট সৰৱ হোৱা দেখা যায় ৷ মাধেপুৰাৰ প্ৰাক্তন সাংসদ ৰাজেশ ৰঞ্জন ওৰফে পাপ্পু য়াদৱে তেতিয়াৰ মূখ্য মন্ত্ৰী যিতন ৰাম মান্‌ঝিক এজন ‘নাকাৰা’ (অদক্ষ) ব্যক্তি বুলি অভিহিত কৰিছিল ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল পাপ্পু য়াদৱৰ নিজেৰেই ডকাইতি আৰু ধনদাবীৰ দৰে অপৰাধৰ এক বিতৰ্কিত ‘ট্ৰেক ৰেকৰ্ড’ আছে ৷ কিন্তু যি নহওক, এইটোও সত্য যে প্ৰাক্তন ‘ডন’জন জনসাধৰণৰ মাজত ৰবিন হুড পৰিচয়ৰেও পৰিচিত ৷

তেওঁ ক’ৰ পৰা ইমান ধন গোটাব পৰিলে বুলি সোধা প্ৰশ্নত স্পষ্ট কৰি দিছিল যে তেওঁ নিজৰ ভূমি বিক্ৰী কৰিছিল আৰু তাৰ বিনিময়ত পোৱা ধন অভাৱী লোকসকলৰ মাজত ভগাই দিছিল ৷

পাপ্পু য়াদৱে কয় যে তেওঁ এজন ডনো নহয়, আনহাতে ৰবিন হুডো নহয় ৷ কিন্তু তেওঁ সমাজখনত চলি থকা দূৰ্নীতি, জমিদাৰী মানসিকতা তথা নিয়ন্ত্ৰণহীন আমোলাতন্ত্ৰৰ বিৰুদ্ধে সদায় যুঁজি যাব ৷ বিভিন্ন উপলক্ষত পাপ্পু য়াদৱে কয় যে ডন টেগটো তেওঁক সেইসকলেহে প্ৰদান কৰিছে যিসকলে তেওঁৰ পৰোপকাৰী গুণটো দেখি ইৰ্ষা অনুভৱ কৰে ৷

উল্লেখ্য যে ১৯৯৪ চনত ৰঞ্জিৎ ৰঞ্জনৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পাপ্পু য়াদৱে মূখ্য মন্ত্ৰী নিটিশ কুমাৰ আৰু উপ মূখ্য মন্ত্ৰী সুশিল কুমাৰ মোদী, দুয়োকে আক্ৰমণ কৰাৰ কোনো সুযোগেই এৰি নিদিয়ে ৷

“বিগত বৰ্ষত যেতিয়া পাটনাৰ নাগৰিকসকলে বানপানীৰে যুঁজি আছিল তেতিয়া বিহাৰৰ মূখ্য মন্ত্ৰী আৰু উপ মূখ্যমন্ত্ৰী দুয়োজন নিজৰ নিজৰ ঘৰত আছিল ৷ সেইজন পাপ্পু য়াদৱহে আছিল যিজনে ভুক্তভোগীসকলৰ মাজত অহৰহ দৰৱ পাতি বিলাইছিল, খাদ্য আৰু আন আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰিছিল ৷ দুয়োজনেই বিহাৰৰ জনগণক কষ্ট ভোগীবলৈ এৰি দি পলায়ন কৰিছিল ৷ সেইজন পাপ্পু য়াদৱ আছিল, যিজনে প্ৰতিখন ঘৰলৈ গৈ ভুক্তভোগীসকলক লগ কৰিছিল তেওঁলোকৰ দুখৰ সমভাগী হৈছিল ৷ মই বিহাৰৰ সন্তান আৰু মই সকলো ফালৰ পৰা বিহাৰৰ লোকসকলৰ ওচৰত ঋণী ৷” পাপ্পুৱে কয় ৷

তেওঁ নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ (ইগনো) পৰা ক্ৰমে মানৱ অধিকাৰ বিষয়ত আৰু দূৰ্যোগ ব্যৱস্থাপনা বিষয়ত একোটাকৈ স্নাতকোত্তৰ ডিপ্ল’মা গ্ৰহণ কৰিছে ৷ পাপ্পু নামটো তেওঁৰ ককাদেউতাক লক্ষ্মী প্ৰসাদ মণ্ডলে তেওঁৰ শৈশৱতে মৰমতে দিয়া নাম ৷ তেওঁৰ পৰোপকাৰী স্বভাৱটোৰ বাবে তেওঁক কোছী অঞ্চলৰ কন্ঠস্বৰ বুলি বিবেচনা কৰা হয় ৷

পাপ্পু য়াদৱে এই কথাটোত জোৰ দিয়ে যে ‘ভোটকাটুৱা’ (ভোট কটা) শব্দটো তেওঁৰ বাবে নহয় বৰঞ্চ সেইজনৰ বাবেহে যিজনে তেওঁক পৰিভাষিত কৰিছে যে তেওঁ ‘ভোটকাটুৱা’ হয়নে নহয় ৷

“ৰাজনীতিত যদি তেনেকুৱা কোনো ব্যক্তি আছে তেনেহ’লে নিটিশ কুমাৰ আটাইতকৈ ডাঙৰ ‘ভোটকাটুৱা’৷ বিহাৰৰ লোকসলকে লালুজীৰ ১৫ বছৰ আৰু নিটিশজীৰ ১৫ বছৰীয়া শাসন দেখা পালে ৷ এতিয়া এক পৰিৱৰ্তন অহা উচিত আৰু তেওঁলোকে মোক বিহাৰখন শাসন কৰিবলৈ অন্তঃত ৩ বছৰ দিব লাগে ৷” পাপ্পুৱে কয় ৷

পাপ্পু য়াদৱ প্ৰথমবাৰৰ বাবে ১৯৯০ চনত সিংহেসৰস্থান বিধানসভা আসনখনৰ পৰা বিধায়ক (নিৰ্দলীয়) হিচাপে নিৰ্বাচিত হৈছিল ৷ পূৰ্ণীয়া বিধানসভা সমষ্টিৰ পৰা তেওঁ ক্ৰমে ১৯৯১, ১৯৯৬ আৰু ১৯৯৯ চনত তিনিবাৰকৈ নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু মাধেৰাপুৰাৰ পৰা আৰ জে ডিৰ টিকটত ক্ৰমে ২০০৪ আৰু ২০১৪ চনত দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷

২০০৮ চনত তেওঁক পূৰ্ণীয়াৰ পৰা এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা চি পি এমৰ বিধায়ক অজিত চৰকাৰক হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল ৷ ২০১৩ চনত পাটনাৰ উচ্চ ন্যায়ালয়ে তেওঁক অভিযুগ মুক্ত কৰে ৷

বিহাৰৰ বিধানসভা নিৰ্বাচনত তেওঁ নটা বেলেগ বেলেগ ৰাজনৈতিউক দলৰ সৈতে লগ হৈ প্ৰগতিশীল ডেম’ক্ৰেটিক এলায়েঞ্চ (পি ডি এ) নামেৰে এক মৰ্চা গঠন কৰিছে আৰু সমগ্ৰ ২৪৩ খন আসনৰ বাবে প্ৰাৰ্থীত্ৱ আগবঢ়াইছে ৷

যি নহওক, পাপ্পু য়াদৱে কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰিব নে যোৱাটো বৰ্ষৰ লোক সভা নিৰ্বাচনৰ ফলাফলকে পুনৰাবৃত্তি ঘটাব; য’ত তেওঁৰ দলৰ প্ৰাৰ্থীসকলে জমানতৰ ধন হেৰুৱাব লগা হৈছিল, তাৰ প্ৰমাণ পাবলৈ আৰু মাত্ৰ এমাহ সময়হে আছেগৈ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.