নিউজ ডেস্ক, 28 এপ্ৰিলঃ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে,কৰ'ণা ভাইৰাছ ভাৰতৰ বাবে ছদ্মবেশী আশীৰ্বাদৰ ৰূপত আহিছে । ভাৰতে লোৱা মেক ইন ইণ্ডিয়া প্ৰকল্পৰ বিভিন্ন ক্ষেত্ৰক ই তৰান্বিত কৰাত সহায় কৰি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
জৈৱ প্ৰযুক্তি বিভাগৰ অন্তৰ্গত আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ স্বায়ত্ব শাসিত প্ৰতিস্থান সমূহৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সৰ এখন বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় কৰ'ণা ভাইৰাছৰ ফলত ভাৰতে নিজাকৈ বহু সামগ্ৰী প্ৰস্তুত কৰিব লৈছে । ভাৰতে প্ৰতিদিনে 1 লাখৰ পৰা 1.5 লাখলৈ PPE প্ৰস্তুত কৰি আছে ।
ভাৰতে বৰ্তমান এই সময়ত ভাৰতীয় বৈজ্ঞানিকৰ দ্বাৰা দৰৱ বা টীকা আৱিষ্কাৰ কৰাৰ বাবে আগ্ৰহেৰে বাট চাই আছে। আনহাতে লক ডাউনৰ পূৰ্বৰ 3 দিনত ভাৰতত COVID-19ৰ পজিটিভ কেচ দুগুণ বৃদ্ধি পাইছিল আৰু 14 দিন পাচত 8.2 শতাংশ হ্ৰাস হৈছিল,শেহতীয়া সাত দিনত 10.2 শতাংশ হ্ৰাস হৈছে আৰু যোৱা 3 দিনত ইয়াৰ পৰিমাণ 10.99 শতাংশ হ্ৰাস হৈছে । এই হ্ৰাসক হৰ্ষ বৰ্ধনে উল্লেখনীয় বুলি প্ৰকাশ কৰে।
দেশৰ হটস্পট এলেকা সমূহত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে বুলি উল্লেখ কৰিছে । আনহাতে বিগত 24 ঘণ্টাত কোনো নতুন কেচ অহা নাই বুলিও তেওঁ জানিবলৈ দিয়ে ।