ETV Bharat / bharat

পুনৰ যুদ্ধবিৰতি উলংঘন কৰিলে পাকিস্তানে

author img

By

Published : Oct 31, 2020, 6:25 PM IST

জম্মু-কাশ্মীৰৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ কঠুৱা জিলাত পুনৰ যুদ্ধবিৰতি উলংঘন কৰিলে পাকিস্তানে। সীমান্তৱৰ্তী গাঁওসমূহত নিৰ্বিচাৰ গুলীচালনা কৰে পাক সেনাই।

পুনৰ যুদ্ধবিৰতি উলংঘন কৰিলে পাকিস্তানে
পুনৰ যুদ্ধবিৰতি উলংঘন কৰিলে পাকিস্তানে

নেশ্যনেল ডেস্ক, ৩১ অক্টোবৰ: পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰি শত্ৰুতাৰ পৰিচয় দিলে পাকিস্তানে। জম্মু-কাশ্মীৰৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ কঠুৱা জিলাৰ গাঁও আৰু সীমান্তৰ চাউনীত আক্ৰমণ কৰে পাক সেনাই। ভাৰতীয় সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই আৰু ভাৰতীয় পক্ষৰ বিশেষ ক্ষতিসাধনো হোৱা নাই।

এগৰাকী সেনা বিষয়াৰ মতে, শুক্ৰবাৰে পুৱা ৯.৪৫ বজাত হীৰানগৰ ছেক্টৰৰ চণ্ডুবা, ময়াৰী আৰু ফকীৰেত পাক সেনাই গুলীবৰ্ষণ কৰে। পাক সেনাৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়ে সীমা সুৰক্ষা বলে। দুয়ো পক্ষৰে মাজত শনিবাৰে পুৱা ৪.১৫ বজালৈকে গুলীয়াগুলি অব্যাহত থাকে।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে প্ৰদেশ কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.