ETV Bharat / bharat

বিদেশীৰ বোজা ল'বলৈ ভাৰত অতিথিশালা নহয়: ৰাজ ঠাকৰে

author img

By

Published : Dec 21, 2019, 7:58 PM IST

পাকিস্তান আৰু বাংলাদেশৰ অবৈধ প্ৰব্ৰজনকাৰীক ভাৰতৰ বাহিৰ কৰাটো নিতান্তই জৰুৰী ৷ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা মুখ্য ৰাজ ঠাকৰেই শনিবাৰে প্ৰকাশ কৰে এই কথা ৷

বিদেশীৰ বোজা ল'বলৈ ভাৰত অতিথিশালা নহয়: ৰাজ ঠাকৰে
বিদেশীৰ বোজা ল'বলৈ ভাৰত অতিথিশালা নহয়: ৰাজ ঠাকৰে

নিউজ ডেস্ক, 21 ডিচেম্বৰ: পাকিস্তান আৰু বাংলাদেশৰ অবৈধ প্ৰব্ৰজনকাৰীক ভাৰতৰ বাহিৰ কৰাটো নিতান্তই জৰুৰী ৷ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা মুখ্য ৰাজ ঠাকৰেই শনিবাৰে প্ৰকাশ কৰে এই কথা ৷ এই আইনখনে ভাৰতৰ বোজা বৃদ্ধি কৰাৰ বাদে আন একো নকৰে বুলিও প্ৰকাশ কৰে তেওঁ ৷

Etv Bharat Assam

ভাৰত বিদেশীৰ বোজা ল'বলৈ অতিথিশালা নহয়, মানৱতাৰ খাতিৰত বাংলাদেশ আৰু পাকিস্তানৰ বিদেশীৰ বোজা ল'বলৈ ভাৰত কোনোপধ্যে সাজু নহয় বুলিও শনিবাৰে এক সংবাদ মেলত উল্লেখ কৰে ৰাজ ঠাকৰেই ৷ লগতে এইটো সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চোৱা বিষয় নহয় বুলিও তেওঁ প্ৰকাশ কৰে ৷ এইটো হিন্দু-মুছলমানৰ বিষয় নহয় ৷ যি বিদেশী তেওঁক দেশৰ পৰা উলিয়াই পেলোৱাটো উচিত ৷

অৱশেষত তেওঁ কয় যে, আমি আমাৰ দেশৰ মুঠ 130 কোটি জনতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাতেই অপাৰগ ৷ তাতে বিদেশী আনি ভাৰতৰ বোজা বঢ়োৱাৰ কি প্ৰয়োজন বুলিও উল্লেখ কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতাগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.