নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : জম্মু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কথুৱা জিলাত দেওবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানী সেনাই । ভাৰতীয় সেনাৰ ফৰৱাৰ্ড প'ষ্ট আৰু গাঁৱলৈ লক্ষ্য কৰি ভীষণ গোলাবৰ্ষণ কৰে পাকিস্তানী ৰেঞ্জাৰে ।
হিৰানগৰ ছেক্টৰৰ পানসাৰ সীমান্ত চকী এলেকালৈ লক্ষ্য কৰি গোলাবৰ্ষণ কৰে পাকিস্তানী ৰেঞ্জাৰে । পাকিস্তানৰ এই কাৰ্যৰ উচিত প্ৰত্যুত্তৰ দিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে সীমান্ত চকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিএছএফে । শনিবাৰে ৰাতিৰ ভাগৰ পৰাই আৰম্ভ হোৱা গোলাবৰ্ষণ দেওবাৰে ৰাতিপুৱালৈ অব্যাহত থাকে ।
পাকিস্তানৰ এই কাৰ্যৰ ফলত স্থানীয় বাসিন্দা সকলে ওৰেতো নিশা সেনাই নিৰ্মাণ কৰা বাংকাৰত কটাবলগীয়া হয় । অৱশ্যে এই কাৰ্যৰ ফলত ভাৰতীয় সীমান্তৰ ভিতৰত কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি জনায় বিএছএফ কৰ্তৃপক্ষই ।
লগতে পঢ়ক: ১৪ ডিচেম্বৰৰ পৰা ৰাজ্যত চলিব স্থানীয় যাত্ৰীবাহী ৰে'ল