ETV Bharat / bharat

নিয়ন্ত্ৰণৰেখাত পাকিস্তানে বাৰে-বাৰে উলংঘা কৰিছে যুদ্ধবিৰতি

author img

By

Published : Apr 9, 2020, 11:44 AM IST

নিয়ন্ত্ৰণৰেখাত পাকিস্তানে অব্যাহত ৰাখিছে যুদ্ধবিৰতি উলংঘণ ৷ দিনে নিশাই পাকিস্তানী সেনাই নিয়ন্ত্ৰণৰেখাৰ সমীপত জম্মু-কাশ্মীৰৰ ৰাজৌৰী ছেক্টৰকে ধৰি অন্যান্য প্ৰান্তত অব্যাহত ৰাখিছে মৰ্টাৰ আক্ৰমণ ৷

নিয়ন্ত্ৰণৰেখাত পাকিস্তানে অব্যাহত ৰাখিছে যুদ্ধবিৰতি উলংঘণ

নিউজ ডেস্ক, 9 এপ্ৰিলঃ নিয়ন্ত্ৰণৰেখাৰ সীপাৰৰ পৰা পাকিস্তানৰ মৰ্টাৰ আক্ৰমণ অব্যাহত আছে ৷ বিগত চাৰিদিন ধৰি পাকিস্তানে ভাৰতীয় সেনাক লক্ষ্য কৰি অব্যাহত ৰাখিছে মৰ্টাৰ আক্ৰমণ ৷ ইতিমধ্যে পাকিস্তানৰ আক্ৰমণৰ সুবিধা লৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে পাকিস্তান সমৰ্থিত বহুকেইটা সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ৷ সন্ত্ৰাসবাদীৰ লগতে পাকিস্তানী সেনাৰ অবিবেচক আক্ৰমণৰ ফলত ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈ পৰিছে ৷ জম্মু-কাশ্মীৰৰ কেৰান, ৰাজৌৰিকে ধৰি বহুকেইটা ছেক্টৰক লক্ষ্য কৰি লৈ পাকিস্তানী সেনাই অব্যাহত ৰাখিছে আক্ৰমণ ৷

পাকিস্তানী সেনাই ছায়া যুদ্ধনীতিৰ সুবিধা লৈ এইদৰে ভাৰতৰ ভূমিত সন্ত্ৰাসবাদীৰ দল প্ৰেৰণ কৰি আহিছে ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত বিগত চাৰিদিনত 10গৰাকীৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে যদিও একেদিনাই ভাৰতে হেৰুৱাবলগীয়া হয় পাঁচজনকৈ পেৰা কামাণ্ডো ৷ সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত পাঁচজনকৈ সন্ত্ৰাসবাদীক নিহত হোৱাৰ লগতে নিজৰো প্ৰাণ ত্যাগ কৰে ভাৰতীয় সেনাৰ 4ৰ্থ পেৰা ৰেজিমেন্টৰ পাঁচজনকৈ কামাণ্ডোৱে ৷

ভাৰতীয় সেনাই পাকিস্তানৰ এই কাণ্ডৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে বুলি সেনাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে ৷ পুঞ্চ জিলাকে ধৰি, মানকোটে, সুন্দৰবানী, নৌশেৰা, ৰাজৌৰি আৰু কেৰান ছেক্টৰত পাকিস্তানী সেনাই এইদৰে মৰ্টাৰ আক্ৰমণ সংঘটিত কৰে ৷ যাৰ ফলত ভাৰতীয় সেনাৰ ছজনকৈ জোৱান আহত হয় ৷

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 23 ফেব্ৰুৱাৰীলৈ নিয়ন্ত্ৰণৰেখাত 646 বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে ৷ প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে এই কথা প্ৰকাশ কৰিছে ৷ 2009 চনত পাকিস্তানে প্ৰায় 3200 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.