নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ পুনৰ যুদ্ধ বিৰতি উলংঘা পাকিস্তানী সেনাৰ । সোমবাৰে ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলীবৰ্ষণ কৰে পাক সেনাই । এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সেনাৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে গুলীবৰ্ষণ আৰম্ভ কৰে পাকিস্তান সেনাই ।
পাকিস্তানৰ গুলীবৰ্ষণৰ ফলতেই শনিবাৰে তথা ১১ এপ্ৰিলত তিনিজনকৈ সাধৰণ নাগৰিকৰ মত্যু হয় অঞ্চলটোত ।
পাকিস্তানী ৰেঞ্জাৰসকলে দেওবাৰে নিশা হীৰানগৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ফৰৱৰ্ড পোষ্টত চিহ্ন বনাই যুদ্ধ বিৰতী উলংঘা কৰে বুলিও মন্তব্য কৰে ভাৰতীয় সেনা বিষয়াই ।
ভাৰতীয় সেনা বিষয়াৰ ভাষ্য অনুসৰি, পাকিস্তানৰ তৰফৰ পৰা দেওবাৰে নিশা প্ৰায় ৯.৪৫ বজাত চন্দাৱা তথা চুবুৰীয়াৰ ভিন্ন অঞ্চলত গুলীবৰ্ষণ আৰম্ভ কৰে । পাকিস্তানী সেনাই সোমবাৰে পুৱা প্ৰায় ৪ বজালৈ গুলীবৰ্ষণ কৰে বুলি মন্তব্য কৰে ভাৰতীয় সেনা বিষয়াই ।
সোমবাৰে পাকিস্তানে আৰম্ভ কৰা গুলীবৰ্ষণত বৰ্তমান পৰ্যন্ত কোনো লোক হতাহতি হোৱা নাই বুলিও সদৰী কৰে ভাৰতীয় সেনা বিষয়াই ।