নিউ ডেস্ক , 29 মে': পাক উচ্চায়ুক্তই নতুন দিল্লীত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰৰ আয়োজন কৰে ৷ দেশৰ বহু বিশিষ্ট ৰাজনৈতিক নেতা ,সাংবাদিক , পাকিস্তানী ছাত্ৰ-ছাত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি এই ইফটাৰত উপস্থিত থাকে ৷
উচ্চায়ুক্ত ছায়েদ হয়দৰ শ্বাহে আমন্ত্ৰিত অতিথিসকলক অভ্যৰ্থনা জনায় ৷ উল্লেখ্য যে প্ৰতি বছৰে পাক উচ্চায়ুক্তই নতুন দিল্লীত শান্তি আৰু সম্প্ৰীতিৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ইফটাৰৰ আয়োজন কৰে ৷